Essay on Cow in Assamese || Garu Rachana || গৰু ৰচনা - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Wednesday, June 24, 2020

Essay on Cow in Assamese || Garu Rachana || গৰু ৰচনা

পৰিচয়ঃ গৰু এবিধ চাৰি ঠেঙীয়া ঘৰচীয়া জন্তু। দীঘে 2/3 হাত মান হয়, প্ৰায়বোৰ দেশতেই কম বেছি পৰিমাণে গৰু পোৱা যায়। আমাৰ দেশৰ গৰুবোৰ বেছি ডাঙৰ দীঘল নহয়, পশ্চিমীয়া দেশৰ গৰুবোৰ ডাঙৰ আৰু দীঘল হয়। গৰুৰ গাটো চুটি নোমেৰে ঢকা। গৰুক সাধাৰণতে দুই ভাগত ভগোৱা হয়। মতা আৰু মাইকী ভেদে গৰু দুই প্ৰকাৰ। মতা গৰুৱে হাল বায় আৰু গাড়ী টানেষ মাইকী গৰুৱে গাখীৰ আৰু পোৱালি দিয়ে। মতা গৰুৱে সৰুতে দমৰা আৰু ডাঙৰ হলে ষাড়, বলদ বা হালোৱা নাম পায়। মাইকী গৰুৱে সৰুতে চেউৰী বা কাঢ়লী আৰু পোৱালি দিয়াৰ পিছত গাই নাম পায়।

আকৃতি আৰু অঙ্গ-প্ৰতঙ্গঃ- গৰুৰ কাণ দুখন, চকু দুটা, নেজ এডাল আৰু শিং দুটা আছে। গৰুৰ মুৰটো তিনিকোণীয়া। মুখৰ পিনি ক্ৰমে সৰু। গল দীঘল, গলৰ তলত এখন গলবিচনী আছে। গৰুৰ ওপৰৰ পাৰি দাঁত নাই। ইয়াৰ ভৰিৰ খুৰাবোৰ ফটা। মতাৰ গৰুৰ কান্ধত এটা চুট (কুঁজ)থাকে। শিং নথকা গৰুও আছে। শিং নথকা গৰুক লাওমুৰা বোলে। গৰুৰ নেজৰ মূৰত একোছা দীঘল চুলি আছে। ইয়াৰ সহায়ত গৰুৱে মহ মাখি, ডাহঁ আদি খেদে। 

খাদ্যঃ- গৰু তৃণভোজী প্ৰাণী। ইয়াৰ প্ৰধান খাদ্য় হল ঘাঁহ ঘাঁহৰ উপৰিও গছৰ পাত, চাউলৰ মল, খুদ, তুঁহ খেৰ আদি খাই জীৱন ধাৰণ কৰে। চৰি ফুৰোতে ঘাঁহবোৰ ছিঙি গিলি থয়। জিৰণিৰ সময়ত ঘাঁহবোৰ পাগুলি খায়। ইয়াকে ঘাঁহ-পাগুলা বুলি কোৱা হয়।

বৰণঃবগাকলামুগাকজলাপখৰাকপিলাৰঙাআদি নানা বৰণৰ গৰু দেখিবলৈ পোৱা যায়।

প্ৰকাৰঃদেশীভূটীয়াপশ্চিমীয়াচিন্ধীয়া আদি নানা প্ৰকাৰৰ গৰু আছে।

স্বভাৱঃ- গৰু বৰ শান্ত প্ৰাণী। দল বান্ধি থাকিবলৈ বৰ ভাল পায়। মাইকী গৰুৱে পোৱালিক বৰ মৰম কৰে। গৃহস্থক বৰকৈ মানে আৰু ভাল পায়। কেতিয়াবা খং উঠিলে কোনো কোনো গৰুৱে শিঙৰে খোচে আৰু পাচ ঠেঙেৰ লথিয়ায়। মাইকী গৰুৱে নিয়মিত এটাকৈ পোৱালি দিয়ে। 14/15 বছৰ লৈ জীয়াই থাকে।

উপকাৰিতাঃ- গৰুৱে আমাৰ বৰ উপকাৰ সাধন কৰে। মতা গৰুৱে হাল বায়, গাড়ী টানে। মাইকী গৰুৱে গাখীৰ আৰু পোৱালি দিয়ে। গৰুৰ গাখীৰ পুষিটকৰ আৰু কেঁচুৱাৰ কাৰণে আদৰ্শ খাদ্য। গাখীৰৰ পৰা দৈ, মাখন, ঘিউ, ছানা আদি তৈয়াৰ কৰা হয়। গৰুৰ গোৱৰ খেতিৰ কাৰণ বৰ উৎকৃষ্ট সাৰ। গৰুৰ গোৱৰ আৰু মৃত হিন্দুৰ পবিত্ৰ বস্তু। গৰুৰ ছালৰ পৰা জোতা, চেণ্ডেল, বেগ, ছুটকেচ আদি তৈয়াৰ কৰা হয়। হাড়ৰ পৰা এবিধ সাৰ, খুৰাৰ পৰা আঠা আৰু শিঙৰ পৰা ফণি তৈয়াৰ কৰা হয়।

মন্তব্যঃ- এনেকুৱা উপকাৰী জন্তুক আমি অতি যত্ন সহকাৰে প্ৰতিপালন কৰা উচিত।

#Essay on Cow in Assamese || Garu Rachana || গৰু ৰচনা

No comments:

Post a Comment

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad