What is Verb in Assamese? // Transitive and Intransitive Verb // Auxiliary Verb in Assamese. // ক্ৰিয়া কাক বোলে? // ক্ৰিয়া পদ কি? // সহায়কাৰী ক্ৰিয়া কি ? - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Friday, February 18, 2022

What is Verb in Assamese? // Transitive and Intransitive Verb // Auxiliary Verb in Assamese. // ক্ৰিয়া কাক বোলে? // ক্ৰিয়া পদ কি? // সহায়কাৰী ক্ৰিয়া কি ?

যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাক (Verb) ক্ৰিয়া পদ বোলে।

He Killed the Snake

সি সাপডাল মাৰিছিল

He runs

সি দৌৰে

I go

মই যাওঁ

I shall go

মই যাম

 

সকৰ্মক ক্ৰিয়া (Transitive Verb) :- যি ক্ৰিয়া (Verb) –অৰ কৰ্ম (Object) আছে, তাক সকৰ্মক ক্ৰিয়া (Transitive Verb) বোলে। যেনে—

He killed the snake (সি সাপডাল মাৰিছিল) ইয়াত প্ৰশ্নঃ তেওঁ কি কৰিলে? উত্তৰঃ তেওঁ সাপডাল মাৰিলে। সাপ (Snake) হৈছে কৰ্ম(Object) আৰু মাৰিলে (Killed) হৈছে ক্ৰিয়া (Verb)

 

অকৰ্মক ক্ৰিয়া (Intransitive Verb) :- যি ক্ৰিয়া (Verb) –অৰ কৰ্ম (Object) নাথাকে, তাক অকৰ্মক ক্ৰিয়া (Intransitive Verb) বোলে। যেনে—

He runs (সি দৌৰে)—ইয়াত কোনো কৰ্ম(Object)নাই।

 

অসমীয়াত আকৌ, (সকৰ্মক ক্ৰিয়াৰ দুটা ভাগ থাকে) যেনেঃ-

He killed the snake (সি সাপডাল মাৰিছিল)-- ইয়াত এটা কৰ্ম আছে , সেয়েহে ইয়াক অসমীয়াত এককৰ্মক ক্ৰিয়া বোলে।

 

কেতিয়াবা একোটা Verb –অৰ দুটা Object থাকে। যেনে—

He gave me a pen. (সি মোক এডাল কলম দিছিল) –ইয়াত, gave’ verb-অৰ মুখ্য বা Direct Object হৈছে pen আৰু গৌণ বা Indirect Object হৈছে me. -ইয়াত দুটা কৰ্ম আছে বাবে ইয়াক অসমীয়াত দ্বিকৰ্মক ক্ৰিয়া বোলে।

 

ক্ৰিয়া(Verb) বাক্যৰ প্ৰধান অংগ। ইয়াক বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি।

ক্ৰিয়া (Verb)

উদাহৰণ (ব্যৱহাৰ)

Eat (খোৱা)

I eat rice (মই ভাত খাও)

You eat mango (তুমি আম খোৱা)

He eats Banana (তেওঁ কল খায়)

 

Go (যোৱা)

I go (মই যাও)

I shall go (মই যাম)

I may go (মই যাব পাৰো)

I must go (মই নিশ্চয় যাম

 

ওপৰৰ টেবুলটোত আমি Go (যোৱা) Verb (ক্ৰিয়া)ৰ ব্যৱহাৰ ভালকৈ লক্ষ্য কৰা।

I shall go (মই যাম) I may go (মই যাব পাৰো)

ইয়াত— Go হৈছে  মুখ্য ক্ৰিয়া (Principal Verb)  আৰু shall  আৰু may হৈছে সহায়কাৰী ক্ৰিয়া (Auxiliary Verb).

মুখ্য ক্ৰিয়া (Principal Verb) –য়ে নিজে অৰ্থ প্ৰকাশ কৰিব পাৰে। কিন্তু সহায়কাৰী ক্ৰিয়া (Auxiliary Verb) –ৰ নিজে সম্পূৰ্ণ নহয়, Principal Verb –অৰ লগত যুক্ত নহলে এইবোৰৰ অৰ্থ নহয়। Principal Verb –ৰ অৰ্থ প্ৰকাশ কৰাই এইবোৰৰ কাম। এইবাবে এইবোৰক সহায়কাৰী ক্ৰিয়া বা Special Verb বা Auxiliary Verb বোলে।

Special Verb বা Auxiliary Verb বা সহায়কাৰী ক্ৰিয়া মুঠ 24 (চৌবিছ) টা হল—

am, are, is, was, were, have, has, had, shall, should, will, would, may, might, can, could, must, ought, do, does, did, dare, need  আৰু  used

 

ক্ৰিয়া নহলে বাক্য সম্পূৰ্ণ নহয়। অৱশ্য কেতিয়াবা ক্ৰিয়া পদ উহ্য থাকিব পাৰে। যেনে—

হৰিনাথ এজন মেধাৱী ছাত্ৰ (হয়)।– ইয়াত হয় কথাটো উহ্য আছে।

 

আমি  সহায়কাৰী ক্ৰিয়া (Auxiliary Verb) ৰ ব্যৱহাৰ তলত আলোচনা কৰো—

(১) am, are, is, was, were, have, has, had, shall, should, will, would, do, does, did — এইবিলাকৰ ব্যৱহাৰ আমি Tense (কাল)ৰ লগত বিস্তাৰিত ভাৱে আলোচনা কৰিম।

>>>Tense (কাল) ৰ বিষয়ে অধিক জানিবলৈ ইয়াত ক্লিক কৰক>>>(coming soon)

(২) may, might, can, could, must, ought, dare, need  আৰু  used ৰ ব্যৱহাৰ আমি তলত আলোচনা কৰিলোঃ-

Can, Could

Can :- কৰ্মক্ষমতা, অনুমতি ব্যৱহৃত হবলৈ Can ব্যৱহাৰ কৰা হয়যেনে

He Can speak English well

 

Ability (কৰ্মক্ষমতা)

I can swim

We can play football

You can do it.

Permission (অনুমতি)

You can go now

 

Could :- CanPast Tense –অত Could ব্যৱহাৰ হয়

(i)  He tried to walk but could not.

(ii) I did all that I could.

 

Politeness in request বুজাবলৈ Present আৰু Future Tense –অতো Could ব্যৱহাৰ কৰা হয়।

(i)  Could you tell me the time?

(ii) Could you come here tomorrow?

(iii)Could I have your pen, please?

 

May, Might

May হৈছে বৰ্তমান কাল (Present Tense) আৰু ইয়াৰ অতিত কাল (Past Tense) ৰূপ হৈছে Might .

Wish, Purpose, Permission, Possibility আদিৰ ক্ষেত্ৰত May আৰু Might ব্যৱহৃত হয়।

May you be happy

Wish (ইচ্ছা)

May God bless you

We eat that we may live

Purpose (উদ্দেশ্য)

He works hard that he may win a prize

He may go

Permission (অনুমতি)

You may pass.

 

Possibility(সম্ভৱনা)

It may rain

He might recover soon

Might I do it now

 

 

Must

Obligation, Duty, Certainty Determination ৰ ক্ষেত্ৰত Must ৰ ব্যৱহাৰ হয়।

You must do.

Obligation (বাধ্যবাধকতা) বা Compulsion বুজাবলৈ ব্যৱহাৰ হৈছে।

He must work hard.

You must obey your parents.

Duty (কৰ্তব্য)

We must be faithful.

We must all die

Certainty (নিশ্চয়তা)

He must be mad

I must prepare the lesion

Determination (দৃঢ় সংকল্প)

 

Ought

Duty (কৰ্তব্য) আৰু Obligation (বাধ্যবাধকতা) বুজাবলৈ Ought ব্যৱহাৰ কৰা হয়। Present আৰু Past Tense –অত ইয়াৰ form একেটাই।

a) We ought to love our country.

b) You ought to go.

c) He ought to work hard.

They ought to have gone there.

 

Dare, Need , Used -ৰ ব্যৱহাৰ

a) I dare him to do it.

b) He dared me to come here.

c) I need money.

d) He will need your help.

e) I used to go to school by bus.

f) He used to come here once a week.

 

# What is Verb in Assamese? // Transitive and Intransitive Verb // Auxiliary Verb in Assamese. // ক্ৰিয়া কাক বোলে? // ক্ৰিয়া পদ কি? // সহায়কাৰী ক্ৰিয়া কি ?

No comments:

Post a Comment

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad