What is a Soil Health Card in Assamese ? // choil health ki ? চইল হেল্থ কাৰ্ড কি? - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Tuesday, August 9, 2022

What is a Soil Health Card in Assamese ? // choil health ki ? চইল হেল্থ কাৰ্ড কি?

মাটি পৰীক্ষা আৰু চইল হেল্থ কাৰ্ডঃ- কৃষি কাৰ্যৰ প্ৰধান উপাদান হল মাটি। মাটিয়েই শষ্যৰ বীজ সিঁচা হয়, মাটিৰ পৰাই এই বীজৰ অংকুৰণ হয় আৰু এই অংকুৰিত শষ্যক মাটিয়েই প্ৰয়োজনীয় পুষ্টিৰ যোগান থৰি এটি নিৰ্দিষ্ট সময়ৰ ভিতৰত আমাৰ বাবে খাদ্যৰ উৎস কৰি তোলে। কিন্তু শেহতীয়াভাৱে বিশ্বত জনসংখ্যা বৃদ্ধিৰ হাৰ দ্ৰুতভাৱে বৃদ্ধি পোৱাৰ বিপৰীতে কৃষি উপযোগী মাটিৰো পৰিমাণ শস্যৰ উৎপাদন কৰি ক্ৰমবৰ্ধমান জনসংখ্যালৈ খাদ্যৰ যোগান ধৰাটো উন্নয়নশীল দেশসমূহৰ বাবে এটা বৃহত প্ৰত্যাহ্বান হিচাপে দেখা দিছে।

 

মাটি পৰীক্ষা কি?

উত্তৰঃ- এডৰা মাটিত অধিক পৰিমাণে শস্য উতপাদন কৰিবলৈ মাটিডৰাৰ উৰ্বৰতা অক্ষুন্ন ৰখাটো অতি জৰুৰী। সেয়েহে শস্যৰ বৃদিধি তথাৈ বিকাশৰ বাবে মাটিৰ এই উৰ্বৰতা শক্তিৰ বুজ লৈ প্ৰয়োজন সাপেক্ষে ইয়াত অভাৱ ঘটা পুষ্টসমূহ যোগান ধৰি মাটিডৰাৰ উৰ্বৰতা শক্তি অক্ষুন্ন ৰাখিবলৈ সময়ে সময়ে খেতিৰ মাটিডৰা পৰীক্ষা কৰাই থকা অতিকৈ জৰুৰী। মাটি পৰীক্ষা কৰি উপযুক্ত সংশোধন ব্যৱস্থা গ্ৰহণ কৰিলেহে মাটিডৰাৰ পৰা শস্যৰ অধিক পাদন পোৱাটো সম্ভৱ হয়।

 

মাডি পৰীক্ষা কেতিয়া?

বছৰৰ যিকোনো সময়তে মাটি পৰীক্ষা কৰিব পাৰি।

মাটি পৰীক্ষা কেনেকৈ কৰিব?

মাটি পৰীক্ষা কৰা কামটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামটোৱেই হল মাটিৰ নমুনা সংগ্ৰহ। তলত উল্লেখ কৰা পদ্ধতিৰে মাটিৰ নমুনা সংগ্ৰহ কৰিব লাগে।

  • জলসিঞ্চন নথকা সমান মাটিৰ ক্ষেত্ৰত প্ৰতি ১০ হেক্টৰ পথাৰৰ পৰা এটা নমুনা সংগ্ৰহ কৰিব লাগে। মাটিডৰা অসমান হলে বাম আৰু ভাগৰ পৰা এটাকৈ নমুনা সংগ্ৰহ কৰা উচিত। নমুনা সংগ্ৰহ কৰা পথাৰৰ দ্ৰাঘিমাংশ আৰু অক্ষাংশ লিপিবদ্ধ কৰিব লাগে।
  • মাটিৰ নমুনা সংগ্ৰহ কৰিবলৈ চইল টিউব, কোৰ, খুৰপি আদি সঁজুলি ব্যৱহাৰ কৰা হয়।
  • পথাৰখনৰ বেলেগ বেলেগ ঠাইৰ পৰা অতি কমেও দহটা নমুনা সংগ্ৰহ কৰি তাৰ পৰা মূল নমুনা এটা প্ৰস্তুত কৰিব লাগে। অলপতে চহোৱা, নতুনকৈ সাৰ প্ৰয়োগ কৰা, দলনি, গছৰ তল, পথাৰৰ আলি, দোং, পুখুৰীৰ পাৰ আদিৰ দৰে অঞ্চলৰ পৰা নমুনা সংগ্ৰহ কৰিব নালাগে।
  • নমুনা সংগ্ৰহৰ আগেয়ে বাচনি কৰা ঠাইখিনিত থকা ঘাঁহ-বন আদি চিকুণাই পৰিষ্কাৰ কৰি লব লাগে। ইয়াৰ পাছত মাটিডৰাত ইঞ্চি গভীৰতাৰ ইংৰাজী V আকৃতিৰ দৰে গাঁত এচা খান্দি গাঁতটোৰ দুয়োফালে পৰা দুচকল মাটি উঠাই লব লাগে।
  • এনেদৰে সংগ্ৰহ কৰা মাটিৰ নমুনাবোৰ ভালদৰে মিহলাই লৈ গছৰ শিপা, শিলগুটি আদি আঁতৰাই বহল কাগজ বা পলিথিনৰ ওপৰত পাতলকৈ মেলি ছাংত ভালদৰে শুকুৱাব লাগে।
  • সম্পূৰ্ণভাৱে সুকোৱা মাটিখিনি পুনৰ কাগজ বা পলিথিনিৰ ওপৰত ভালদৰে মেলি লৈ মাজেৰে যোগ চিনৰ দৰে আঁচ টানি মাটিখিনি চাৰি ভাগ কৰি লব লাগে। এতিয়া পৰস্পৰ বিপৰীত ফালৰ যিকোনো দুভাগ মাটি পেলাই দি বাকী দুভাগ পুনিৰ ভালদৰে মিহলাই লব লাগে। এই সমগ্ৰ পদ্ধতিটো আৰম্ভণীৰ পৰা তিনি চাৰিবাৰ কৰি মুঠ মাটিৰ পৰিমান ২৫০- ৩০০ গ্ৰামলৈ কমাই আনিব লাগে।
  • এনেদৰে প্ৰস্তুত কৰা মাটিখিনি পলিথিন মোনাত ভৰাই মাচিডৰাৰ সম্পূৰ্ণ তথ্যপাতি লিখি মোনাটোৰ ভিতৰত সূমূৱাই পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিব লাগে।

এনেদৰে প্ৰেৰণ কৰা মাটিৰ নমুনা মাটি পৰীক্ষাগাৰত নিৰ্দষ্ট অৰ্হতাসম্পন্ন কাৰিকৰী লোকে বিশেলষণ কৰি লাভ কৰা ফলাফলৰ ওপৰত ভিত্তি কৰি একোটা নিৰ্দিষ্ট শস্যচক্ৰ বাবে প্ৰয়োজন হোৱা জৈৱিক তথা ৰায়ায়নিক সাৰ, অণুমৌল, চূণ প্ৰয়োগৰ পৰিমাণ আদি বিষয়ে অনুমোদন জনোৱা হয়।

 

মাটি পৰীক্ষ কত কৰা হয়?

উত্তৰঃ- কৃষি বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ আদিৰ ওপৰিও কিছুমান ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰীক্ষাগাৰতো মাটি পৰীক্ষা কৰা হয়। কৃষি বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ আদিৰ পৰীক্ষাগাৰত বিনামূলীয়াকৈ মাটি পৰীক্ষা কৰাৰ সূবিধা আছে।


Soil health ki ? চইল হেল্থ কাৰ্ড কি?

 চইল হেল্থ কাৰ্ড

কৃষকে নিজৰ খেতিৰ মাটিডৰাৰ উৰ্বৰতা শক্তকে ধৰি আনুষংগিক কথাবোৰ থাওকতে জানি লৈ সেই মতে ব্যৱস্থা গ্ৰহণ কৰি কৃষি ৎপাদন বৃদ্ধি কৰাত সহায়ক হোৱাকৈ ভাৰত চৰকাৰে ২০১৫ চনৰ পৰা দেশৰ সকলোবোৰ ৰাজ্যতে চইল হেল্থ কাৰ্ড নামৰ আঁচনিখন ৰূপায়ন কৰিছে। এই আঁচনিখনৰ জৰিয়েত কৃষকক একোখন চইল হেল্থ কাৰ্ড আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে. এই কাৰ্ডখনত মাটিৰ সম্পূৰ্ণ গুণাগুণৰ তথ্য লিপিবদ্ধ কৰাৰ উপৰিও মাটি়ডৰাত যোগান থৰিবলগীয়া পুষ্টিৰ লগতে কেনেকুৱা শস্যক্ৰমৰ খেতিৰ জৰিয়েত সংশ্লিষ্ট কৃষকজনে সৰ্বাধিক লাভবান হব সেই বিষয়েও পৰামৰ্শ আগবঢ়োৱা হয়।

 

চইল হেল্থ কাৰ্ডৰ লাভালাভঃ-

  • সকলো কৃষকৰ বাবে একেধৰণে এটা নিৰ্দিষ্ট আৰিহত মাটিৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য
  • নিৰ্দষ্ট পথাৰ বা কৃষি পামখনৰ সম্পূৰ্ণ তথ্য।
  • মাটিডৰাৰ কাৰ্যক্ষমতাৰ বিষয়ে সবিশেষ তথ্য।
  • মাটিডৰাত পানী আৰু পোষক মৌলৰ অৱস্থিতি সম্পৰ্কীয় তথ্য।
  • মাটিডৰাৰ উৰ্বৰতাৰ ধাৰাবাহিকতা ৰক্ষাৰ বাবে কৃষকে প্ৰয়োজনসাপেক্ষে গ্ৰহণ কৰিবলগীয়া সংশোধন ব্যৱস্থাৰ বিষয়ে পৰামৰ্ষ।
  • মাটিডৰাত কেনেকুৱা শস্যক্ৰমৰ খেতি কৰি সংশ্লিষ্ট কৃষকজন সৰ্বাধিক লাভবান হ'ব সেই বিষয় পৰামৰ্শ।
  • কাৰ্ডত উল্লেখিত পৰামৰ্শৰ ভিত্তিত মাটিডৰাত ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত হোৱা কৃষকৰ আৰ্থিক ক্ষতি হ্ৰাস আৰু পৰিৱেশ প্ৰদূষণ ৰোধ।
  • সামগ্ৰিকভাৱে অধিক উৎপাদনৰ জৰিয়তে কৃষকগৰাকীৰ অধিক আয়ৰ সূবিধা।
চইল হেল্থ কাৰ্ড কিমান সময়ৰ অন্তৰে অন্তৰে আগবঢ়োৱা হয়?

প্ৰতি দুবছৰৰ মূৰে মূৰে কৃষকগৰাকীক চইল হেল্থ কাৰ্ড আগবঢ়োৱা হয়।

চইল হেল্থ কাৰ্ড কৃষকৰ হাতত পৰাৰ আগৰ কাৰ্যব্যৱস্থাঃ
  • খেতিৰ মাটিডৰা পৰীক্ষা কৰাৰ বাবে বিজ্ঞানসন্মত পদ্ধতিৰে ইয়াৰ নমুনা সংগ্ৰহ।
  • সংগ্ৰহ কৰা নমুনা মাটি পৰীক্ষাগাৰলৈ প্ৰেৰণ আৰু পৰীক্ষাগাৰত বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষণ।
  • মাটিৰ নমুনা পৰীক্ষা কৰি লাভ কৰা ফলাফলৰ বিশ্লেষণ।
  • বিশ্লেষণৰ ভিত্তিত মাটিডৰা পুষ্টি সম্পৰ্কীয় সবলতা আৰু দুৰ্বলতাৰ তথ্য লিপিবদ্ধকৰণ।
  • মাটিডৰা দুৰ্বলতাসমূহ আঁতৰোৱাৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ লিপিবদ্ধকৰণ।
  • নিৰ্দষ্ট আৰ্হিত চইল হেল্থ কাৰ্ডত ওপৰোক্ত তথ্যসমূহ লিপিবদ্ধকৰণ।
# What is a Soil Health Card in Assamese ? // choil health ki ? চইল হেল্থ কাৰ্ড কি?

No comments:

Post a Comment

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad