Kinds of Sentences in Assamese // Forms of Sentence in Assamese - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Monday, July 27, 2020

Kinds of Sentences in Assamese // Forms of Sentence in Assamese

ভাৱ/অৰ্থ (Sense) বা উদ্দেশ্য (purpose) বা প্ৰকাশভঙ্গী অনুসৰি বাক্য পাঁচ(৫) ভাগত ভাগ কৰিব পাৰি।--

i) Assertive (বৰ্ণনামূলক বাক্য ) Sentence:- যিবোৰ Sentence-এ সাধাৰণতে কোনো ঘটনা বৰ্ণনা কৰে তাক Assertive (বৰ্ণনামূলক) বা Declarative Sentence বোলে।

Grass is Green.

ঘাঁহ সেইজীয়া।

Birds can fly.

চৰাইবোৰ উৰিব পাৰে।

The boy is going to school.

লৰাজন স্কুললৈ গৈ আছে।

This is a book

এইখন এখন কিতাপ।

He is a Farmer.

তেওঁ এজন খেতিয়ক।

Assertive Sentence অক Statement –ও বোলা হয়। এনে ধৰণৰ Sentence অৰ শেষত Full stop (.) বহুৱা হয়।

 

(ii) Interrogative (প্ৰশ্নবোধক বাক্য) Sentence:- যিবোৰ Sentence ৰ দ্বাৰা একোটাকৈ প্ৰশ্ন সোধা হয়, তাক Interrogative (প্ৰশ্নবোধক) Sentence বোলে।

Who is he ?

তেওঁ কোন ?

What do you want ?

তোমাক কি লাগে ?

Which book is your?

কোনখন কিতাপ তোমাৰ?

Have you a pen?

তোমাৰ এটা কলম আছেনে?

What is your name ?

তোমাৰ নাম কি ?

Interrogative Sentence অৰ শেষত Question Mark (?) /প্ৰশ্নবোধক চিন দিব লাগে।

 

(iii) Imperative (আজ্ঞাসূচক আদেশ, অনুৰোধ, উপদেশমূলক বাক্য) Sentence:- যিবোৰ Sentence (বাক্য)ই কোনো আদেশ(Order) , উপদেশ(Advice), অনুৰোধ(request) কৰা বুজায় সেইবোৰক Imperative Sentence বোলা হয়।

Go there. (তালৈ যোৱা)

– আদেশ বুজাইছে

Obey your parents. (পিতৃ-মাতৃ কথা মানি চলিবা।)

– উপদেশ বুজাইছে্

Please come here. (অনুগ্ৰহ কৰি ইয়াত আহা।)

– অনুৰোধ বুজাইছে

Imperative Sentence –ৰ শেষত Full stop (.) বহে আৰু Subject word “you(তুমি) উহ্য থাকে। তদুপৰি এনে ধৰণৰ Sentence –অৰ Verb (ক্ৰিয়া) সদায় Present Tense (বৰ্তমান কাল) –অৰ হয়।

Go there (তালৈ যোৱা) –ইয়াত (you)তুমি শব্দটো উহ্য আছে। এইটো আচলতে You go there. (তুমি তালৈ যোৱা) বুজাইছে।

 

(iv) Optative (ইচ্ছা বা আশীৰ্ব্বাদসূচক বাক্য)Sentence):- যি Sentence –এ বক্তাৰ ইচ্ছা, আকাংক্ষা বা প্ৰাৰ্থনা প্ৰকাশ কৰে তাকেই Optative Sentence বোলে।

May you be happy.

তুমি সুখি হোৱা।

May God bless you.

ঈশ্বৰে তোমাক মঙ্গল কৰক।

Long live the king.

ৰাজা দীৰ্ঘজীৱি হওক।

Optative Sentence –অত সাধাৰণতে ‘May’ Verb টো প্ৰথমতে ব্যৱহৃত হয় আৰু শেষত Full stop (.) দিয়া হয়। কোনো কোনো বাক্যত ‘May’ verb নাথিকিবও পাৰে।

(v) Exclamatory (আবেগ বা বিস্ময়সূচক বাক্য) Sentence):- যিবোৰ Sentence (বাক্য)ত বক্তাৰ মনৰ আবেগ বা উচ্ছ্বাস প্ৰকাশ কৰে তাকেই Exclamatory Sentence বোলে। Exclamatory Sentence সাধাৰণতে What বা How এৰে আৰম্ভ কৰা হয় আৰু ইয়াৰ (বিশ্ময়সূচক চিন !) Exclamation Mark বহে।

What a fine bird it is !

কিমান সুন্দৰ চৰাই এইটো !

How beautiful you are !

তুমি কিমান ধুনীয়া !

Alas ! She is dead.

হায় ! তাই ঢুকাল।

Oh, what a beautiful sight !

, কিমান ধুনীয়া দৃশ্য !

Oh ! how sweet is the baby.

! কিমান মৰমলগা কেচুৱাটি।

টেবুলৰ তলৰ দুটা বাক্য মতে, কিছুমান Sentence (বাক্য)ৰ আদিতে Interjection ব্যৱহৃত হয় আৰু ইয়াৰ পাছত Comma (,) বা Exclamation Mark (!) বহে।

 

# Kinds of Sentences in Assamese // Forms of Sentence in Assamese.


No comments:

Post a Comment

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad