বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দ (Word)ই এটা এটকৈ পদ । ইংৰাজীত ইয়াক Parts of Speech বোলে।
যেনেঃ- মানুহ মৰণশীল (Man is Mortal)
ইয়াত মানুহ(Man) এটা পদ আৰু মৰণশীল(Mortal)এটা পদ।
অসমীয়াত পদ ৫ প্ৰকাৰ আৰু ইংৰাজীত ই ৮ প্ৰকাৰ—
১) বিশেষ্য {(1). Noun}
২) সৰ্বনাম {(2). Pronoun}
৩) বিশেষণ {(3). Adjective}
৪) ক্ৰিয়া {(4) Verb, (5) Adverb}
৫) অব্যয় {(6) Preposition, (7) Conjunction, (8) Interjection}
১) Noun (বিশেষ্য পদ):- যি পদে কোনো বস্তু, ব্যক্তি, জাতি, গুণ, অৱস্থা বা কামৰ নাম বুজাই তাকে বিশেষ্য পদ(Noun) বোলে। (অসমীয়াত ই আকৌ ৫ প্ৰকাৰৰ—)
|
Man is Mortal |
মানুহ মৰণশীল |
|
The Rose is red |
গোলাপ ৰঙা |
|
Akbar was a great king |
আকবৰ এগৰাকী মহান ৰজা
আছিল |
|
Coal is Black |
কয়লা ক’লা |
টেবুলৰ Man(মানুহ), Rose(গোলাপ), Akbar(আকবৰ), Coal(কয়লা) আদিয়ে Noun (বিশেষ্য)পদ বুজাইছে।
# Noun (বিশেষ্য) ৰ বিষয়ে
আৰু
বেছিকৈ
পঢ়ক....
২) Pronoun (সৰ্বনাম):- Noun (বিশেষ্য) পদৰ সলনি
ব্যৱহাৰ হোৱা পদক Pronoun (সৰ্বনাম) পদ বোলে। উদাহৰণ—
|
Rahul loves his
Wife |
ৰাহুলে তেওঁৰ
পত্নীক ভাল পায়। |
ইয়াত— ‘ৰাহুলে’ তেওঁৰ (his) (মানে ৰাহুলৰ)
পত্নীক ভাল পায়। ইয়াত প্ৰথমত ‘(ৰাহুল)’ Noun (বিশেষ্য) পদ ব্যৱহাৰ হৈছে,
পিছত ৰাহুলৰ পৰিবৰ্তে ‘তেওঁ (his)’ শব্দটো ব্যৱহাৰ কৰা
হৈছে, এইটোকে Pronoun (সৰ্বনাম) পদ বোলে।
|
Riya is coming, She is
beautiful |
ৰিয়া আহি আছে, তাই
ধুনীয়া |
|
Ayaan is here, he
is a gentlemen |
আয়ান ইয়াত আছে, তেওঁ
এজন ভদ্ৰ মানুহ |
|
The book is on the table, this
is my book |
কিতাপখন টেবুলৰ ওপৰত আছে, এইখন
মোৰ কিতাপ |
# Pronoun (সৰ্বনাম) ৰ বিষয়ে
আৰু
বেছিকৈ
পঢ়ক....
৩)
Adjective(বিশেষণ):- যি পদে Noun (বিশেষ্য) বা
Pronoun (বিশেষণ) পদৰ দোষ-গুণ বুজায়, তাকে Adjective (বিশেষণ) পদ বোলে। উদাহৰণ—
|
My father is an old man |
মোৰ দেউতা এজন বুঢ়া
মানুহ |
|
Moromi is a nice girl |
মৰমী এজনী ভাল
ছোৱালী |
|
The swan is white |
ৰাজহাঁহটো বগা |
|
He is very strong |
তেওঁ বৰ বলী |
টেবুলত থকা বুঢ়া, ভাল, বগা, বলী
আদিয়ে দোষ বা গুণ বুজাইছে, ইয়াকে Adjective (বিশেষণ) পদ বুলি কোৱা হয়।
# Adjective (বিশেষ্যণ) ৰ বিষয়ে
আৰু
বেছিকৈ
পঢ়ক....
৪.০১) Verb
(ক্ৰিয়া):- যি পদে কোনো কাম কৰা বা হোৱা
বুজায় তাক Verb (ক্ৰিয়া) পদ বোলে। যেনে—
He is writing a book (তেওঁ এখন কিতাপ লিখি
আছে)
ইয়াত, Writing (লিখা) কাৰ্য হৈ আছে,
ইয়াকে
Verb (ক্ৰিয়া) বোলে।
|
I see a
bird |
মই এটা চৰাই দেখিছোঁ |
|
The sun rises
in the east |
বেলি পূবফালে উদয়
হয় |
|
All men die |
সকলো মানুহ মৰে |
|
He wrote
a book |
তেওঁ এখন কিতাপ লিখিছিল |
# Verb (ক্ৰিয়া) ৰ বিষয়ে
আৰু
বেছিকৈ
পঢ়ক....
৪.০২) Adverb
(ক্ৰিয়া বিশেষণ):- যিবোৰ শব্দই Verb, Adjective নাইবা আন Adverb –অৰ গুণ, পৰিমান,
সময় ইত্যাদি বুজায় আৰু সিহঁতৰ বৈশিষ্ট্য প্ৰকাশ কৰে, সেইবোৰ শব্দক Adverb
(ক্ৰিয়া বিশেষণ) বোলে।
|
The hare runs fast |
শহাপহু বেগাই
দৌৰে |
|
I shall start tomorrow |
মই কাইলৈ
ৰাওনা হম। |
|
He walks very
slowly |
তেওঁ বৰ
লাহে লাহে খোজ কাঢ়ে |
|
The lion is very
strong |
সিংহ বৰ
শক্তিশালী |
>> ইয়াত fast শব্দটোৱে শহাপহুটোৱে
কেনেকৈ দৌৰে তাক বুজাইছে অৰ্থ্যাত্ fast শব্দটোৱে run ক্ৰিয়াটোৰ
বৈশিষ্ট্য সূচাইছে।
>> সিংহ বৰ শক্তিশালী
বাক্যটোত, Very শব্দটোৱে সিংহ কিমান শক্তিশালী তাক বুজাইছে।
# Adverb (ক্ৰিয়া-বিশেষণ) ৰ বিষয়ে
আৰু
বেছিকৈ
পঢ়ক....
৫.০১) Preposition
(পদান্বয়ী অব্যয়):- Preposition মানে হল {Pre(আগত)+ Position (অৱস্থান)} // যিবোৰ শব্দই Noun বা Pronoun ৰ আগত বহি আন শব্দৰ
লগত অন্বয় বা সম্বন্ধ দেখুৱায়, সেইবিলাকক Preposition (পদান্বয়ী অব্যয়) বোলে। যেনে–
|
Come with me. |
|
The book is on the
table. |
|
I shall go to Delhi. |
ইংৰাজীত ব্যৱহাৰ হোৱা ঘাই Preposition বিলাক হল— about, after,
before, at, by, for, from, in, into, near, to, up, upon, with, within ইত্যাদি।
# Preposition (পদান্বয়ী অব্যয়) ৰ বিষয়ে
আৰু
বেছিকৈ
পঢ়ক....
৫.০২) Conjunction (সংযোজক অব্যয়):-
|
Jadu and Madhu are
brothers. |
|
I am a boy but you are a
girl. |
>> (ইয়াত and আৰু but শব্দ দুটাই) দুটা
শব্দ/ শব্দ সমষ্টিক যোগ কৰিছে, এনে ধৰণৰ সংযোগকাৰী শব্দক Conjunction (সংযোজক অব্যয়) বোলে।
# Conjunction (সংযোজক অব্যয়) ৰ বিষয়ে
আৰু
বেছিকৈ
পঢ়ক....
৫.০৩) Interjection (ভাব প্ৰকাশ আৰু আৱেগসুচক
অব্যয়):-
|
Alas! He has lost
everything. |
|
Hurrah! we have won. |
|
Hello! How are you ? |
ফটা ফটি পদ নিৰ্ণয় কৰা
ReplyDelete