Essay on Cat in Assamese || Mekuri Rachana || মেকুৰী ৰচনা - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Wednesday, June 24, 2020

Essay on Cat in Assamese || Mekuri Rachana || মেকুৰী ৰচনা

সাধাৰণ সংজ্ঞাঃ- মেকুৰী এবিধ ঘৰচীয়া জন্তু । ইয়াৰ মতাক বোন্দা আৰু মাইকীক বুন্দী বা জাঁই বোলে। ইয়াৰ ঠেং চাৰিখন। ঠেঙত পাঁচটাকৈ নখ আছে। চিকাৰ কৰা সময়ত নখবোৰ উলিয়ায়মুৰটো ঘুৰণীয়া। কাণ দুখন থিয়। চকু দুটা ঘুৰণীয়া। কিন্তু উজ্বল। গাটো মিহি নোমেৰে আবৃত। নেজডাল দীঘল। মুখত কেইডালমান দীঘল দীঘল গোঁফ থাকে। মেকুৰীৰ দাঁত দুপাৰি। দাঁতবোৰ চোকামেকুৰী সৰু প্ৰাণী, দেখিবলৈ বাঘৰ দৰে।

বাসস্থানঃ- পৃথিৱীৰ সকলো দেশতেই মেকুৰী পোৱা যায়। বনৰীয়া মেকুৰীও আছে। ই বনত থাকে।

বৰণঃ- বগা, মূগা, কলা, পখৰা, ধোঁৱা বৰণীয়া আদি নানা বৰণৰ মেকুৰী আছে।

আহাৰঃ- মেকুৰী ভাত, মাছ, মাস গাখীৰ আদি খায়। ফৰিং, এন্দুৰস নিগনি আদিও চিকাৰ কৰি খায়।

প্ৰকৃতিঃ- মেকুৰী শান্ত প্ৰাণী। ই আন্ধাৰতো দেখা পায়। গোঁফৰ সহায়ত ই বাট ঠিক কৰে। ভৰিৰ তলুৱা সোপোকা। সেই বাবে ই শব্দ নোহোৱাকৈ খোজ কাঢ়িব পাৰে। মেকুৰীৰ জিভা খহটা আৰু শুকান। মেকুৰীৰ চুৰি কৰি খোৱা স্বভাৱ বেছি। বুন্দী(জাঁই)মেকুৰীৰ এবাৰত ৪/৫ টাকৈ পোৱালি দিয়ে। পোৱালিয়ে মাকৰ গাখীৰ খাই ডাঙৰ হয়। ইয়াৰ খং উঠিলে ফোচ ফোচ শব্দ কৰে আৰু ৰং লাগিলে নেজডাল মানুহৰ গাত লগাই ঘুৰে। ই কোমল ঠাই, ৰান্ধনীশালৰ জুইশালৰ চোকাত শুবলৈ ভাল পায়। ঘ্ৰাণ শক্তি চোকা।

উপকাৰিতাঃ- মেকুৰীয়ে মাছ, গাখীৰ আদি খায়, মানুহৰ কেতিয়াবা অনিষ্ট কৰিলেও ই মানুহৰ উপকাৰো কৰে। আমাৰ ধান, চাউল, বিসুকট আদি খাই নষ্ট কৰা নিগনিবোৰ মাৰি মেকুৰীয়ে আমাৰ উপকাৰ কৰে। ই কেতিয়াবা সাপকো মাৰে। সেয়েহে মেকুৰী আমাৰ আৱশ্যকীয় জন্তু।

# Essay on Cat in Assamese || Mekuri Rachana || মেকুৰী ৰচনা

No comments:

Post a Comment

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad