What is Noun and Pronoun in Assamese ? || Classification of Nouns and Pronouns in Assamese || বিশেষ্য কাক বোলে ? || সৰ্বনাম কাক বোলে ? - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Wednesday, July 29, 2020

What is Noun and Pronoun in Assamese ? || Classification of Nouns and Pronouns in Assamese || বিশেষ্য কাক বোলে ? || সৰ্বনাম কাক বোলে ?

Noun আৰু Pronoun একশ্ৰেণীৰ শব্দ। এইবোৰক Nominal অৰ্থা নামবাচক শব্দ বোলে। ব্যক্তি, প্ৰাণী, বস্তু, গুণ ইত্যাদি পৃথিৱীৰ সকলোবিধ বয়-বস্তুৰ নাম বুজোৱাই এইবোৰৰ কাম।

এইবোৰক প্ৰথমতে ২ ভাগত ভগাব পাৰিঃ

(i) Countable Noun :– যিবিলাকৰ সংখ্যা নিৰ্ণয় কৰিব পাৰি অৰ্থা যিবিলাক লেখিব পাৰি। যেনে— Boy, boys; bird, birds; tooth, teeth; foot, feet; আদি।

(ii) Uncountable Noun :– যিবিলাকৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰি অৰ্থা যিবিলাক লেখিব নোৱাৰি। যেনে— Milk, sugar, honesty, beauty  ইত্যাদি।

Countable Noun –অৰ লগত সংখ্যা বুজোৱা শব্দ বা প্ৰত্যয় ব্যৱহাৰ কৰিবই লাগিব। এটা বুজাবলৈ Noun-অৰ আগত a, an বা the article বহে। এটাতকৈ বেছি বুজাবলৈ noun অৰ পিছত -s বা -es প্ৰত্যয় যোগ কৰিব লাগে। যেনে—

A boy.

Two boys.

An umbrella.

Five umbrellas.

The Mango

Fifty mangoes

 

Classification of Nouns

(বিশেষ্যৰ বিভাগ)

ইংৰাজী ব্যাকৰণত আমি পাঁচ(৫) প্ৰকাৰৰ Noun পাওঁ:

1. Proper Noun (নামবাচক বিশেষ্য):- ব্যক্তি, বস্তু, ঠাই, ইত্যাদি কিবা এটা নিৰ্দিষ্ট নাম বুজোৱা শব্দক Proper Noun (নামবাচক বিশেষ্য) বোলে। যেনে

Rahul is a good boy.

ৰাহুল এজন ভাল লৰা।

Guwahati is a big city.

গুৱাহাটী এখন ডাঙৰ চহৰ।

I saw the Tajmahal.

মই তাজমহল দেখিছিলো।

 

2. Common Noun (জাতিবাচক বিশেষ্য):- যি Noun-অৰ দ্বাৰা একেজাতীয় প্ৰাণী বা বস্তুৰ সকলোকে সাধাৰণভাৱে বুজোৱা হয়, তাক Common Noun (জাতিবাচক বিশেষ্য) বোলে। ইয়াক Class Noun ও বোলে। যেনে—

The dog is a faithfully animal.

কুকুৰ বিশ্বাসী জন্তু।

Boys are fond of sweets.

লৰাবোৰে মিঠাই ভাল পায়।

Man is mortal.

মানুহ মৰণশীল।

The cow is useful animal.

গৰু উপকাৰী জন্তু।

 

3. Collective Noun (সমষ্টিবাচক বিশেষ্য):- একে দল/ সমষ্টি/ শ্ৰেণীৰ ব্যক্তি বা বস্তুৰ সমষ্টিগত নামক Collective Noun (সমষ্টিবাচক বিশেষ্য) বোলে। যেনে—

A herd of cows is in the field

এপাল গৰু পথাৰত আছে।

He gave me a bundle of papers.

তেও মোক এক বাণ্ডিল কাকজ দিছিল।

I saw a flock of birds.

মই এজাক চৰাই দেখিছিলোঁ।

The boy has a bunch of keys.

লৰাটোৰ একোছা চাবি আছে।

 

4. Material Noun (বস্তুবাচক বিশেষ্য):- Material কথাটোৰ অৰ্থ হল উপাদান বা পদাৰ্থ। পদাৰ্থ বা বস্তুবাচক Noun –অক Material Noun (বস্তুবাচক বিশেষ্য) বোলে। যেনে—

Milk is white.

গাখীৰ বগা।

Sugar is sweet.

চেনী মিঠা।

Water has no taste.

পানীৰ কোনো সোৱাদ নাই।

Gold is bright.

সোণ উজ্জ্বল।

 

5. Abstract Noun (গুণবাচক বিশেষ্য):- যি Noun এ কিবা গুণ, অৱস্থা বা কাম বুজায় তাক Abstract Noun (গুণবাচক বিশেষ্য) বোলে। যেনে—

Honesty is a great virtue.

সাধুতা এটা মহ গুণ।

Swimming is good for health.

সাতুৰোৱা স্বাস্থ্যৰ পক্ষে ভাল।

Kindness is virtue.

দয়া পৰম ধৰ্ম।

Truth is beauty.

সত্যই সৌন্দৰ্য

 

Classification of Pronouns

(সৰ্বনামৰ প্ৰকাৰ ভেদ)

ইংৰাজী ব্যাকৰণত Pronoun আঠ(৮) বিধঃ—

1. Personal Pronoun (ব্যক্তিবাচক সৰ্বনাম):- যি সৰ্বনাম ব্যক্তিবাচক বিশেষ্য (Noun) –অৰ সলনি বহে তাক Personal Pronoun (ব্যক্তিবাচক সৰ্বনাম) বোলে। যেনে— I(মই), you(তুমি), he(তেওঁ), she(তাই), me, my, mine, him, her, ইত্যাদি।।

 

2. Reflexive Pronoun (আত্মবাচক সৰ্বনাম) :- আনৰ সহায় নোলোৱাকৈ নিজে নিজে, এনে অৰ্থ বুজাবলৈ যি সৰ্বনাম Noun বা Pronoun –অৰ সলনি বহে, তাক Reflexive Pronoun (আত্মবাচক সৰ্বনাম) বোলে। এই সৰ্বনাম –অৰ (বিশেষ ৰূপ) লগত Self কথাটো যোগ কৰি ই গঠণ কৰা হয়। যে্নে—

Myself, Yourself, himself, herself, themselves ইত্যাদি।।

 

3. Relative Pronoun (সম্বন্ধবাচক সৰ্বনাম):- পূৰ্বৱৰ্তী কোনো noun-অৰ লগত সহযোগ বা সম্বন্ধ বুজোৱা সৰ্বনাম। যেনে— Who, Which, That, What

This is Ram. He is a good boy.

This is ram who is a good boy.

This is a house. Hari built it.

This is the house that hari built.

 

4. Demonstrative Pronoun (নিৰ্দেশক সৰ্বনাম):- এইবিধ সৰ্বনামে Noun –অৰ সলনি বহি তাক নিৰ্দেশ কৰি দেখুৱাই দিয়ে। যেনে—

This, That, So

This is my book.

এইটো মোৰ কিতাপ।

That is your pen.

সেইটো তোমাৰ কলম।

He said so.

তেওঁ এইটো কৈছিল।

 

5. Distributive Pronoun (বিভাজক সৰ্বনাম):- এই সৰ্বনামে বহুতৰ মাজত এটা অংশক বুজায়। সেইবোৰ হল—

Each, Either, Neither.

(of the boys) Each should get one rupee.

(লৰাবোৰক) প্ৰত্যেকে এটকাকৈ পাব লাগে।

Here are two books, you may take either.

দুখন কিতাপ আছে, তুমি যি কোনো এখন লব পাৰা।

 

6. Indefinite Pronoun (অনিশ্চয়তাবাচক সৰ্বনাম):- এই সৰ্বনামৰ দ্বাৰা কোনো নিৰ্দিষ্ট ব্যক্তি বা বস্তুক নুবুজায় আৰু সেইবোৰক সাধাৰণভাৱে বুজায়। যেনে—

One, None, Some, Any, Many, All ইত্যাদি।

One must die.

সকলো মৰিবই লাগিব।

None will live forever.

কোনেও চিৰকাল জীয়াই নাথাকে।

Some are born great.

কিছুমানে ডাঙৰ হৈয়ে জন্ম লাভ কৰে।

I did not see any.

মই কাকো দেখা নাই।

Many say so.

বহুতে এইদৰে কয়।

All is not lost.

সকলো হেৰাই যোৱা নাই।

 

7. Interrogative Pronoun (প্ৰশ্নবোধক সৰ্বনাম):- প্ৰশ্ন কৰাৰ বাবে এই সৰ্বনামৰ ব্যৱহাৰ কৰা হয়। যেনে—

Who, Which, What

Who are you ? (তুমি কোন?)

—ব্যক্তিৰ ক্ষেত্ৰত ব্যৱহাৰ হয়।

Which do you want ? (তোমাক কোনটো লাগে?)

—বহুত বস্তুৰ মাজত এটাক বুজাবলৈ ব্যৱহাৰ হয়।

What is your opinion ? (তোমাৰ মত কি?)

—সাধাৰণতে বস্তু সম্পৰ্কে ব্যৱহাৰ হয়।

 

8. Reciprocal Pronoun (পাৰস্পৰিক সৰ্বনাম):- পাৰস্পৰিক সম্বন্ধ অৰ্থা ইজনে-সিজনকএনে অৰ্থত ব্যৱহাৰ হয়। যেনে—

Each other,  One another.

The two friends love each other very much.

বন্ধু দুজনৰ এজনে আনজনক বৰ ভাল পায় (দুজনৰ ক্ষেত্ৰত ব্যৱহাৰ হয়)

The five friends love one another very much.

পাঁচজন বন্ধুৰ প্ৰত্যেকে প্ৰত্যেকক বৰ ভাল পাইছিল।

 

# What is Noun and Pronoun in Assamese ? || Classification of Nouns and Pronouns in Assamese || বিশেষ্য কাক বোলে ? || সৰ্বনাম কাক বোলে ?

No comments:

Post a Comment

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad