Essay on Potato in Assamese || Alu Kheti Rachana || আলু খেতি ৰচনা - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Thursday, May 20, 2021

Essay on Potato in Assamese || Alu Kheti Rachana || আলু খেতি ৰচনা

জাতিঃ- আলু বন জাতীয় ঔষধি গছ। ইয়াৰ গাত থকা চকুৰ পৰা গজালি ওলায়। ইয়াৰ ফল মাটিৰ তলত শিপাত হয়।


মাটি নিৰ্বাচন আৰু খেতি কৰা সময়ঃ- আলু কম বেছি পৰিমাণে সকলো ঠাইতে হয়। কিন্তু আলু খেতি কৰিবলৈ দোমোজা বা পলসুৱা মাটি বেছি প্ৰশস্ত খৰালি কালতহে ইয়াৰ খেতি কৰিব লাগে। আমাৰ ইয়াত আহিন-কাতি মাহত আলু ৰোৱে।


খেতি কৰা প্ৰণালীঃ- আলু ৰোৱা মাটিডৰা ভালকৈ কেইবা বাৰো হাল বাই, মৈয়াই মাটি ধুলিয়ৰি কৰিব লাগে। জাৱৰবন আদি গুচাব লাগে। মাটি চাহ কৰা সময়তে অৱশ্যক মতে গোৱাৰ আৰু ৰাসায়নিক সাৰ আদি দিব লাগে। মাটি ভালকৈ চাহ হলে বতৰ চাই আলু গুটি ৰুব লাগে। চাহ কৰা মাটিডৰাত দীঘল দীঘলকৈ এহাতমান আঁতৰে আঁতৰে সিৰাল টানিব লাগে। সিৰালত এবেগেত মান অন্তৰে অন্তৰে একোটা আলু গুটি দি মাটু জাপি দিব লাগে।


যত্ন লব লগাঃ- আলু গজি ১২/১৩ ছেণ্টমিটাৰ মান ওখ হলে আলু গছৰ গুৰিত প্ৰতি সিৰালত মাজৰ খালি ঠাইৰ পৰা কোৰেৰে মাটু দিব লাগে। মাঘ-ফাগুন মাহত আলু গুটি পুৰঠ হয় আৰু গছবোৰ মৰে। তেতিয়া আলুবোৰ তুলি আনি জাবৰ জোথৰ গুচাই পাতলকৈ চাঙত থব লাগে।


উপকাৰিতাঃ- আলু এবিধ বৰ লাভজনক খেতি। ইয়াক বেচি প্ৰচুৰ ধন উপাৰ্জন কৰিব পাৰি। ইয়াক ৰান্ধি, ভাজি বা পুৰি নানা উপায়ে খাব পাৰিষ ইয়াক ৰোগী, নিৰোগী সকলোনে খাব পাৰে। ইয়াক ভালকৈ যত্ন কৰি ৰাখিলে গোটেই বছৰে খাব পাৰি আন সকলো পাচলিতকৈ আলু আমাৰ আৱশ্যকীয় পাচলি।


Essay on Potato in Assamese || Alu Kheti Rachana || আলু খেতি ৰচনা

No comments:

Post a Comment

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad