Essay on Sugarcane in Assamese || Sugarcane Cultivation in Assamese || কুঁহিয়াৰ খেতি ৰচনা - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Thursday, May 20, 2021

Essay on Sugarcane in Assamese || Sugarcane Cultivation in Assamese || কুঁহিয়াৰ খেতি ৰচনা

জাতিঃ- কুঁহিয়াৰ এবিধ তৃণ জাতীয় উদ্ভিদ। ইয়াৰ গা-গছখন টান। ভিতৰখন কোমল আৰু ৰসেৰ ভৰা। ই ৮/৯ হাত ওখ হয়।

গা গছখন গাঠিৰে ভৰা। কিছুমান গছ হালধীয়া আৰু কিছুমান মাটিীয়া বৰণৰ হয়। ইয়াৰ পাতবোৰ দীঘল আৰু খঁহটা। আমাৰ দেশত কেবা প্ৰকাৰৰ কুঁহিয়াৰ আছে।

 

খেতি কৰা প্ৰণালীঃ- কুঁহিয়াৰ খেতি কৰিবলৈ ওখ, বালি আঁহীয়া সাৰুৱা মাটি লাগে। মাঘ, ফাগুণ মাহত খেতি তৈয়াৰ কৰিব লাগে। বহাগ মাহত খেতিডৰাত লোৰ খানি গজালি ওলোৱা কুঁহিয়াৰৰ আগবোৰ এবেগমতমান দকৰি ৰুই দিব লাগে। গছবোৰ ডাঙৰ হলে ২/৩ ডাল একেলগে কৰি বান্ধি দিব লাগে। পোকে ধৰা কিছুমান গছ কাটি পেলাব লাগে। গুৰিত হোৱা জাবৰবোৰ পেলাই দি মাটি চপাই দিব লাগে। শিয়াল, গাহৰি আদি জন্তুৰ পৰা খেতিডৰা সাৱধাৱে ৰাখিব লাগে। পুহ, মাঘ মাহত কুঁহিয়াৰ গছ পুৰঠ হয়। তেতিয়া গছ কাটি শালত অথবা কলত চেপি ৰস উলিওয়া হয়। বাকলি বিলাক জ্বলাই ৰসেৰ গুড় আদি তৈয়াৰ কৰা হয়।

 

উপকাৰিতাঃ- কুঁহিয়াৰৰ ৰস মুঠা। ৰস উলিয়াই তাপ দি গুড়, চেনি, মিছিৰি আদি তৈয়াৰ কৰা হয়। হিন্দু মানুহৰ পূজা-পাৰ্বণত ফল হিচাপে ব্যৱহৃত হয়। কুঁহিয়াৰৰ ৰস বৰ উপকাৰী। লৰা, ছোৱালী, ডেকা, গাভৰুৱে কুঁহিয়াৰ খাবলৈ বৰ ভাল পায়। কুঁহিয়াৰৰ ৰস কুমলি আদি কিছুমান বেমাৰত ব্যৱহৃত হয়।


# Essay on Sugarcane in Assamese || Sugarcane Cultivation in Assamese || কুঁহিয়াৰ খেতি ৰচনা

No comments:

Post a Comment

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad