What is Adjective in Assamese? // Classification of Adjective in Assamese. // বিশেষণ কাক বোলে ? বিশেষণ পদ কি ? - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Thursday, September 9, 2021

What is Adjective in Assamese? // Classification of Adjective in Assamese. // বিশেষণ কাক বোলে ? বিশেষণ পদ কি ?

যি পদে Noun (বিশেষ্য) বা Pronoun (সৰ্বনাম) পদৰ দোষ-গুণ বুজায় তাক Adjective (বিশেষণ পদ) বোলে।

I have little money.

That pen is mine.

My brother is a good boy. (মোৰ ভাই এজন ভাল লৰা)

প্ৰশ্নঃ- মোৰ ভাই সি কেনেকুৱা ? তেওঁৰ দোষ বা গুণ কি ?

উত্তৰঃ তেওঁৰ দোষ বা গুণ হৈছে- তেওঁ এজন ভাল লৰা। এইবোৰক Adjective (বিশেষণ) বোলে।

Adjective –এ ঘাইকৈ তিনি(৩) ধৰণেৰে noun-অৰ বিশেষত্ব প্ৰকাশ কৰিছে।

1. গুণাগুণ দেখুৱায়—

Red rose, Bright star, Wicked man.

এনে ধৰণৰ Adjective-অক Adjective of Quality (গুণবাচক বিশেষণ) বোলে।

2. সংখ্যা নাইবা পৰিমাণ বুজায়—

Five books. Much money.

এনে ধৰণৰ Adjective –অক Adjective of Quantity (সংখ্যা বা পৰিমাণবাচক বিশেষণ) বোলে।

3. সৰ্বনাম সহায় লৈ বহুতৰ মাজত কোনটো, সেইটো দেখুৱায়—

This book, Each boy. Which Pen ?

এইবোৰক Pronominal Adjective (সৰ্বনামীয় বিশেষণ) বোলে।

ওপৰৰ উদাহৰণবোৰৰ পৰা দেখা গল যে Adjective বোৰে Noun –অৰ আগত বহি তাক quality কৰে অৰ্থা তাৰ গুণাগুণ প্ৰকাশ কৰে। তলৰ উদাহৰণবোৰত দেখা যাব যে Adjective-এ Verb –অৰ পিছত বহি পূৰ্বৱৰ্তী noun অক quality কৰিছে।

The rose is red.

The boy is honest.

The child is pretty.

My father is alive.

Adjective-অৰ এনে ধৰণৰ প্ৰযোগক Predicative use of Adjective বোলা হয়।

Some Adjective of feeling:

I am happy at your success.

মই তোমাৰ কৃতকাৰ্যতাত সূখী।

I fear an angry man.

খঙাল মানুহক মই ভয় কৰোঁ।

It is a very sad news.

এইটো বৰ দুখ লগা বাতৰি।

I have become depressed.

মই হতাশ হৈছোঁ।

He is a joyous man.

তেখেত ৰঙিয়াল মানুহ।

 

One, the other : one, another

(I have two pens) : I shall give you one pen and keep the other (pen).

(মোৰ দুডাল কলম আছে): এডাল মই তোমাক দিম আৰু আনডাল নিজৰ বাবে ৰাখিম।

(He has two children) : One is boy and the other is girl.

(তেওঁৰ দুটা সন্তান): এজনৰা, আনজনী ছোৱালী।

গতিকে বুজা গল যে আমি যেতিয়া দুটা বস্তুৰ সম্বন্ধে কিবা কওঁ তেতিয়া এটাৰ আগত one আনটোৰ আগত the other বহে।

মন কৰিব লাগে যে বস্তুটো একে ধৰণৰ হব লাগিব আৰু তাৰ সংখ্যা হব লাগিব দুটা।

সংখ্যাটো যেতিয়া দুটাতকৈ বেছি হয় তেতিয়া one, another ব্যৱহাৰ কৰা হয়। যেনে—

(I have three pen): I shall give one pen to you and another to your sister.

(মোৰ তিনিডাল কলম আছে): এডাল তোমাক দিম আৰু আনডাল তোমাৰ ভনীয়েৰাক।

 

Some,  Any (with countable):

Some – কিছুমান, কেইটামান

Any – যিকোনো।

He bought some apples.

সি কেইটামান আপেল কিনিছিল।

Are there any apples in your shop ?

তোমাৰ দোকানত কোনো আপেল আছেনে ?

He gave me some books.

তেওঁ মোক কেইখনমান কিতাপ দিছিল।

He did not give me any book (or books).

তেওঁ মোক কোনো কিতাপ দিয়া নাই।

Countable(অৰ্থা গণিব পাৰি) এনে শব্দৰ লগত Some কেৱল plural number (বহুবচন) –অত ব্যৱহাৰ কৰা হয়। any singular(একবচন) আৰু plural (বহুবচন) দুয়োটা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।

 

(With uncountable)

Give me some sugar.

মোক অলপ চেনি দিয়া।

He wants some milk.

সি অলপ গাখীৰ বিচাৰিছে।

There is not any ink in the inkpot.

তোৱাতটোত (কোনো) চিয়াঁহী নাই।

Is there any ink in your pen ?

তোমাৰ কলমত (কোনো) চিয়াঁহী আছেনে ?

Any সাধাৰণতে Negative আৰু Interrogative Sentence –অত ব্যৱহাৰ কৰা হয়। কিন্তু কেতিয়াবা affirmative sentence –অতো ব্যৱহাৰ কৰা হয়। যেনে – any

Any men ( = all men) will say so.

যি কোনো মানুহেই এই কথা কব।

Are there any books in the shop ?

এই দোকানত কোনো কিতাপ আছেনে ?

প্ৰথম বাক্যটোত any শব্দটো noun- অৰ আগত বহি তাৰ বিশেষণ হিচাপে কাম কৰিছে, গতিকে ই Adjectiveদ্বিতীয় বাক্যটোত any book noun-অৰ সলনি বহিছে, গতিকে ইয়াত এইটো Pronoun.

 

(তলত আৰু কিছুমান “Adjective” ৰ ব্যৱহাৰ আলোচনা কৰো)

many (বহুত) = কেৱল Countable Noun –অৰ লগত ব্যৱহাৰ হয়।

a lot of = Many ৰ সলনি বহু সময়ত a lot of ব্যৱহাৰ কৰা হয়।

not Many (বেছি নহয়) =

a few (কেইটামান)= Used with Countable only

a little (অলপ পৰিমান)= Used with uncountable only.

both (দুয়ো) = দুটা বস্তুৰ বা প্ৰাণীৰ দুয়োকে বুজায়।

all (সকলো)= বহুত বস্তু বা প্ৰাণীৰ সকলোকে বুজায়।

every (প্ৰত্যেক)= প্ৰত্যেক বা সকলোকে বুজোৱাৰ বাবে ব্যৱহাৰ হয়।

 

Example (উদাহৰণ)

Many men died of Corona.

বহুত মানুহ কোৰোনাত মৰিছিল।

I have a lot of (many) books.

মোৰ ঘৰত বহুত কিতাপ আছে।

Not many books are there in our house.

আমাৰ ঘৰত বৰ বেছি কিতাপ নাই।

He has a few books.

তেওঁৰ অলপ কেইখনমান কিতাপ আছে।

Give me a little water.

মোক অলপ পানী দিয়া।

Both boys and girls read in this school.

এই স্কুলত লৰা-ছোৱালী দুয়ো পঢ়ে।

All men are mortal.

সকলো মানুহ মৰণশীল।

Every man is mortal.

প্ৰত্যেক মানুহ মৰণশীল।

 

 # What is Adjective in Assamese? // Classification of Adjective in Assamese. // বিশেষণ কাক বোলে ? বিশেষণ পদ কি ?

No comments:

Post a Comment

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad