Essay on Srimanta Sankardev in Assamese || Sankardev essay in Assamese || শ্ৰীমন্ত শংকৰদেৱ ৰচনা - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Tuesday, May 25, 2021

Essay on Srimanta Sankardev in Assamese || Sankardev essay in Assamese || শ্ৰীমন্ত শংকৰদেৱ ৰচনা

১৪৪৯ চনৰ আহিন মাহৰ শুক্লা দশমীৰ দিনা নগাওঁ জিলাৰ বৰদোৱাত শ্ৰীমন্ত শঙ্কৰদেৱ জন্ম গ্ৰহণ কৰে। তেখেতৰ পিতাৰ নাম কুসুম্বৰ ভূঞা আৰু মাকৰ নাম সত্যসন্ধা। সৰুতে পিতৃ-মাতৃ বিয়োগ হোৱাত বুঢ়ী মাক খেৰসূতীয়ে তুলি-তালি ডাঙৰ কৰে।

 

শিক্ষাঃ- তেৰ বছৰ বয়সত বুঢ়ী মাকে শ্ৰীমন্ত শঙ্কৰদেৱক পঢ়াশালিত নাম লগাই দিয়ে। পঢ়াশালিত নাম লগাই দিয়াৰ দিনাই তেখেত স্বৰবৰ্ণ যোগ নিদিয়াকৈয়ে এটা সুন্দৰ আৰু অৰ্থ থকা কবিতা ৰচনা কৰে। তাৰ পৰাই তেখেতৰ গুৰু(শিক্ষক মহেন্দ্ৰ কন্দলীয়ে শ্ৰীশঙ্কৰে যে এজন মহাপুৰুষ হব পাৰিব তাৰ লক্ষণ দেখা পাইছিল। তেওঁ অতি কম দিনতে বিদ্যাত পাৰ্গত হৈ পৰে. ফলত তেওঁ অনেক আচৰিত কাম কৰিছিল।

 

কৰ্ম আৰু ধৰ্ম জীৱনঃ- শ্ৰী শঙ্কৰদেৱে ১২ বছৰ কাল ভাৰতৰ নানা ঠাই নানা তীৰ্থস্থান ভ্ৰমণ কৰি আহি অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে। তেখেতে প্ৰচাৰ কৰা ধৰ্মক মহাপুৰুষীয়া ধৰ্ম্ম বোলে। শ্ৰী শংকৰদেৱে অসমৰ উজনিৰ পৰা নামনিলৈকে পৰ্বতে ভৈয়ামে ধৰ্ম প্ৰচাৰ কৰাৰ লগা লগে অনেক সত্ৰ স্থাপন কৰিছিল। গাৱে গাৱে নামঘৰ প্ৰতিষ্ঠা কৰি সমাজ গঠন কৰে। শ্ৰী শংকৰদেৱে বহুত পুথি ৰচনা কৰে। তাৰ ভিতৰত কীৰ্ত্তন, দশম, ভাগৱত, হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ আদিয়েই প্ৰধান।

 

শেষকালঃ- শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ শেষৰ কালছোৱা কোঁচ ৰজা নৰনাৰায়ণৰ ৰাজ সভাত আছিল। তাতেই তেখেতে বেছি ভাগ শাস্ত্ৰ পুথি লিখে। শ্ৰীমন্ত শংৰদেৱৰ ১২০ বছৰ বয়সত ১৫৬৯ চনৰ শুক্লা দ্বিতীয় তিথিত যোগবল ইচ্ছা মৃত্যু ঘটে।


# Essay on Srimanta Sankardev in Assamese || Sankardev essay in Assamese || শ্ৰীমন্ত শংকৰদেৱ ৰচনা

No comments:

Post a Comment

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad