১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্ধৰত মহাত্মা গান্ধীৰ জন্ম হয়। তেওঁৰ আচল নাম মোহন দাস কৰমচাঁন্দ গান্ধী। তেখেতৰ পিতৃৰ নাম আছিল কৰমচাঁন্দ গান্ধী আৰু মাকৰ নাম পুতুলী বাঈ। তেখেতে প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ উচ্চ শিক্ষা লাভ কৰিবলৈ বিলাতলৈ য়ায।
বিলাতত বেৰিষ্টাৰী পাছ কৰি ভাৰতলৈ আহে। পোনতে তেখেতে ভাৰতত ওকালিত ব্যৱসায় আৰম্ভ কৰে। পিছত এটি মোকৰ্দমানৰ গইনা লৈ দক্ষিণ আফ্ৰিকালৈ যায়। তেখেতে তাতে কেইবা বছৰো থাকি সূখ্যাতিৰে নিজৰ ব্যৱসায় চলায়।
সেই
সময়ত বিদেশত ভাৰতীয় সকলে বগা চাহাব সকলৰ পৰা সততে অপমান পাইছিল। দক্ষিণ আফ্ৰিকাতো
ভাৰতীয় সকলক ভাল চকুৰে চোৱা নাছিল। অকল ভাৰতীয় সকল নহয় “কলা
ছালৰ” মানুহবোৰকো বগা চাহাব সকলে নানা
লাঞ্ছনা দিছিল। মহাত্মা গান্ধীয়ে সেই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সকলো মানুহৰে
সমান অধিকাৰ ধ্বনিৰে দক্ষিণ আফ্ৰিকাৰ বুকুত কঁপনি তুলিছিল। তেখেতৰ লগত আৰু বহুতো
সহযোগ কৰি সেই অৱস্থাৰ বহুখিনি উন্নতি সাধন কৰিছিল।
তেতিয়া
আমাৰ দেশ ভাৰতো ইংৰাজৰ অধীনত আছিল। মহাত্মা গান্ধী ভাৰতলৈ উভতি আহি মাতৃভূমিক
স্বাধীন কৰিবলৈ মন মেলিলে। সেই কাৰণে তেখেতে ভাৰতৰ বহু কেইজন নেতৃস্থানীয় লোকক লৈ
প্ৰখমে ১৯২১ চনত অসহযোগ আন্দোলন চলায়। এই কাৰ্য্যৰ বাবে তেখেতে কাৰাবাস খাটিবলগীয়া
হয়। তেখেতৰ লগত আৰু
বহুতো ভাৰতীয় লোক কাৰাবাস খাটে। এনেকৈ ১৯৩১ চনত লোণ আইন অমান্য আন্দোলন আৰু
১৯৩২ চনত হোৱা গণ আন্দোলনৰ নেতৃত্বৰ ভাৰ তেখেতেই লৈ কাৰাবাস খাটে। তথাপি ভাৰতক
স্বাধীন কৰিবলৈ তেখেতে দৃঢ়-সংকল্প হৈছিল, আৰু মনোবল অলপো টুটা নাছিল। ভাৰতবাসীয়ে
তেখেতক “বাপুজী”
আৰু বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে তেখেতক মহাত্মা উপাধি দিছিল। পিছলৈ তেখেতক
বাপুজী আৰু মহাত্মা গান্ধী নামেৰে জনাজাত হৈছিল। অৱশেষত ১৯৪৭ চনত ১৫
আগষ্ট তাৰিখে তেখেতৰ অশেষ সাধনাৰ ৰত্ম স্বাধীনতা ভাৰতবাসীয়ে লাভ কৰে।
“সত্য, অহিংসা আৰু অস্পৃশ্যতা বৰ্জন”
তেখেতৰ জীৱনৰ মূল মন্ত্ৰ আছিল। তেখেতে সদায় নিয়মিত ভাবে যঁতৰত সূতা কাটিছিল। পূৱা
গধুলি প্ৰাৰ্থনা কৰিছিল। ৰামধূণ তেখেতৰ প্ৰিয় ভজন আছিল। তেখেত ভাৰতবাসী সকলোৱে
আত্মনিৰ্ভৰশীল হোৱাটোক কামনা কৰিছিল। তেখেতে বিলাসিতা সমূলি ভাল পোৱা নাছিল।
তেখেতৰ
যত্নতেই আমি স্বাথীনতা লাভ কৰা কথাটো সঁটা কিন্তু এই স্বাধীনতা তেখেতে বেছিদিন ভোগ
কৰিব নাপালে। এইটো ভাৰতবাসীৰ বাবে বৰ লাজৰ আৰু দুখৰ কথা যে এনেহেন এজন মহামানৱক নাথুৰাম
গডচ্ নামৰ এজন ভাৰতীয় মাৰাঠা যুৱকে তেখেতে প্ৰাৰ্থনা সভালৈ যাওঁতে তেখেতক গুলি
কৰে। সেই গুলিৰ আঘাততেই তেখেতে ইহলীলা সম্বৰণ কৰে। সেইদিনা আছিল ১৯৪৮ চনৰ ৩০
জানুৱাৰী তাৰিখ। তেখেত মৰিলেও তেখেতৰ আদৰ্শ সদায়ে আমাৰ মাজত বিৰাজমানহৈ থাকিব।
# Essay on Mahatma Gandhi in Assamese || Mahatma Gandhi Assamese Essay || মহাত্মা গান্ধী ৰচনা
Only one word to say," amazing 👏 😉 " just love it 😀
ReplyDelete