One Word Substitutes in Assamese // এটা শব্দত প্ৰকাশ কৰা - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Wednesday, July 1, 2020

One Word Substitutes in Assamese // এটা শব্দত প্ৰকাশ কৰা

বৰষুণ নোহোৱা বতৰ-

খৰাং,

যি পানীত থাকে-

জলচৰ,

যি পানীতো থাকে বামতো থাকে

উভচৰ

যি বনত থাকে

বনৰীয়া

যি বনত জন্মে

বনজ

যি মাটি ফুটি ওলায়

উদ্ভিদ

যি মাটিৰ সাৰ নাই

অসাৰুৱা

যি কাণেৰে নুশুনে

কলা

যি দুটা চকুৰে নেদেখে

অন্ধ

যি ভিক্ষা কৰে

ভিখাৰী

যি লোক বিদেশত থাকে

প্ৰবাসী

যি লোক বিদেশৰ পৰা আহে

বিদেশী

যি পুৰি যায়

দাহ্য

যি পুৰি নাযায়

অদাহ্য

যি ঈশ্বৰক বিশ্বাস কৰে

আস্তিক

যি ঈশ্বৰক বিশ্বাস নকৰে

নাস্তিক

যি বস্তু সহজে লাভ কৰা যায়

সুলভ

যি বস্তু সহজে লাভ কৰা নাযায়

দুৰ্লভ

যি কথাৰ অৰ্থ নাই

অৰ্থহীন

যি ৰাতি ফুৰে

নিশাচৰ

যি বোকাত জন্মে

পঙ্কজ

যি পুৰুষৰ ঘৈণীয়েক মৰিছে

বৰলা

যি মহিলাৰ স্বামী মৰিছে

বিধৱা

যি তিৰোতাৰ স্বামী আছে

সধবা

যি আগত জন্মিছে

অগ্ৰজ

যি কণীৰ পৰা জন্মে

অণ্ডজ

যি আনক ঠগে

ঠগৰীয়া

যি কোনো পক্ষ নলয়

নিৰপেক্ষ

যি গৰমো নহয় চেচাওঁ নহয়

নাতিশীতোষ্ণ

যি নিয়ম মতে খৰচ কৰে

মিতব্যয়ী

এবাৰ ফল দি মৰা গছ

ঔষধি

যাক তুলনা কৰিব নোৱাৰি

অতুলনীয়

যিটো পূৰণ কৰিব নোৱাৰী

অপূৰণীয়

যাক দমন কৰিব নোৱাৰী

অদমনীয়

কাৰো নাম নোলোৱাকৈ পৰা গালি

গোৱালগালী

চিকাৰ কৰা যাৰ কাম

চিকাৰী

বুধি আছে যাৰ

বুধিয়ক

যি খেতি কৰে

খেতিয়ক

বিপ্লৱ কৰে যি

বিপ্লৱী

সাহস আছে যাৰ

সাহসী

ধাৰ্মিক আত্মা যাৰ

ধৰ্মাত্মা

পৰম আত্মা আছে যাৰ

পৰমাত্মা

মহান আত্মা আছে যাৰ

মহাত্মা

বিনয় গুণ থকা লোক

বিনয়ী

মানৱৰ প্ৰতি প্ৰেম থকা লোক

মানৱপ্ৰেণী

ধৰ্মক যি ভয় কৰি চলে সেইজন

ধৰ্মভীৰু

ধৰ্ম প্ৰচাৰ কৰা লোকক

ধৰ্মপ্ৰচাৰক

যি গুৰুৱে ধৰ্মশিক্ষা দিয়ে

ধৰ্মগুৰু

কোনো এটা ধৰ্ম অৱলম্মন কৰা লোক

ধৰ্মাৱলম্বী

যি বিধি সন্মত নহয়

অবৈধ

যি কাম দোষজনক

দুষকৰ্ম, কুকৰ্ম

একে সময়ত হোৱা

সমসাময়িক

যি কাৰো লগত মিলিব নোৱাৰে

অজান পাতকী

যাৰ মূলত চুলি নাই

তপা

যাৰ সীমা নাই

অসীম

দেশক ভালপোৱা মানুহ

দেশপ্ৰেমিক

গৰুৱে টনা গাড়ী চলোৱা মানুহ

গাড়োৱান

বাটেৰে অহা-যোৱা কৰা লোকক

বাটৰুৱা

নাওঁ চলোৱা মানুহ

নাৱৰীয়া

যিয়ে বিমান চলোয়

বৈমানিক

যিয়ে জাহাজ চলায়

নাৱিক

কাঁহৰ বাচন তৈয়াৰ কৰোতা

কঁহাৰ

মাটিৰ বাচোন তৈয়াৰ কৰোতা

কুমাৰ

লোৰ সঁজুলি তৈয়াৰ কৰোতা

কমাৰ

সোণ-ৰূপৰ বস্তু তৈয়াৰ কৰোতা

সোণাৰী

বাঁহ-বেতৰ কাম কৰা লোক

বাঢ়ৈ

কাঠৰ কাম কৰা লোক

কাঠ-মিস্ত্ৰী

ইট-চিমেণ্টেৰে ঘৰৰ কাম কৰা লোক

ৰাজ-মিস্ত্ৰী

চিত্ৰ আঁকোতা

চিত্ৰকৰ

একে উদ্দেশ্যে দল বান্ধি যোৱা মানুহ

সমদল

উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা মানুহ

কৃতজ্ঞ

উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা মানুহ

অকৃতজ্ঞ

পি খোৱা বস্তু

পেয়

চোবাই খোৱা বস্তু

চৰ্ব্য

চেলেকি খোৱা বস্তু

লেহ্য

মাকৰ ভাই

মোমাই

মাকৰ ভনীয়েক

মাহী

দেউতাৰ ভাই

খুৰা

দেউতাৰ ভনীয়েক

পেহী

স্বামীৰ সৰু ভাই

দেওৰ

স্বামীৰ ভনীয়েক

ননদ

একে মাকৰ সন্তান

সহদৰ

যাৰ দয়া নাই

নিৰ্দয়

ৰূপৰ দৰে বৰণ

ৰূপালী

সোণৰ দৰে বৰণ

সোণালী

 One Word Substitutes in Assamese // এটা শব্দত প্ৰকাশ কৰা

Post Top Ad