What is Subject and Predicate in Assamese ? // উদ্দেশ্য আৰু বিধেয় কি ? - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Friday, June 26, 2020

What is Subject and Predicate in Assamese ? // উদ্দেশ্য আৰু বিধেয় কি ?

আমি যেতিয়া কিবা এটা কওঁ, তেতিয়া আমাৰ বক্তব্য বা উক্তিত দুটা ভাগ থাকে। এটা ভাগত কাৰ বিষয়ে কওঁ— তাৰ উল্লেখ থাকে ; আনটো ভাগত কি কওঁ— সেইটো থাকে।

যেনে, Rahul is a good boy.

এই বাক্যটোত (i) Rahul আৰু (ii) is a good boy এই দুটা ভাগ আছে।

(i) কাৰ বিষেয় কোৱা হৈছে ? Rahul –অৰ বিষয়ে।

(ii) কি কোৱা হৈছে ? is a good boy কথাটো।

Subject

Predicate

Swimming

is good for health.

The sky

is clear

Raju

is reading a book

 

উদাহৰণঃ- ৰাজু কিতাপ পঢ়ি আছে।

কোনে কিতাপ পঢ়ি আছে ?ৰাজু।

কি কাম কৰি আছে ?কিতাপ পঢ়ি আছে।

  ইয়াৰ পৰা বুজা যায় যে আমাৰ বক্তব্যৰ এটা উদ্দেশ্য থাকে— অৰ্থ্যাকাৰোবাক উদ্দেশ্য কৰি আমাৰ বক্তব্যটো কোৱা হয়; আৰু তাৰ পাছত তেওঁৰ বিষয়ে কিবা কোৱা হয়। এই দুটা ভাগক উদ্দেশ্য (Subject) আৰু বিধেয় (Predicate) বোলে।


>>> আৰু ভালকৈ বুজি লওক >>>

বাক্যত যাৰ বিষয়ে কোৱা হয় তাক উদ্দেশ্য (Subject)  বোলে। উদ্দেশ্যৰ বিষয়ে যি কোৱা হয় তাক বিধেয় (Predicate)  বোলে। উদ্দেশ্য আৰু বিধেয় প্ৰত্যকটোৱে এটা বা তাতকৈ বেছি পদেৰে গঠিত হব পাৰে। কেতিয়াবা কোনো পদ লুকায়ো থাকিব পাৰে। তলত দিয়া বাক্যবোৰ পঢ়ি চোৱা আৰু উদ্দেশ্য- বিধেয়বোৰলৈ মন কৰা।

বাক্য

উদ্দেশ্য

বিধেয়

বতাহ বলিছে

বতাহ

বলিছে

আমি ভাত খাওঁ

আমি

ভাত খাওঁ

তেওঁ ঘৰলৈ গৈছে

তেওঁ

ঘৰলৈ গৈছে

সোনকালে আহিবা

(তুমি)

সোনকালে আহিবা

এতিয়াই যা

(তই)

এতিয়াই যা

 

উদ্দেশ্য সাধাৰণতে বাক্যৰ আৰম্ভতে আৰু বিধেয় তাৰ পিছত বহে। কেতিয়াবা ইয়াৰ ব্যতিক্ৰমো হব পাৰে।। 


# What is Subject and Predicate in Assamese ? // উদ্দেশ্য আৰু বিধেয় কি ?


No comments:

Post a Comment

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad