Essay on Paddy Cultivation in Assamese || Dhan Kheti Rachana || ধান খেতি ৰচনা - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Thursday, June 25, 2020

Essay on Paddy Cultivation in Assamese || Dhan Kheti Rachana || ধান খেতি ৰচনা

জাতিঃ- ধান এবিধ তৃণ জাতীয় ঔষধি উদ্ভিদ। ইয়াৰ ফলৰ নাম ধান। ই গুটিৰ পৰা জন্মে। বৰষুণ প্ৰধান ঠাইত ইয়াৰ খেতি ভাল হয়। এই উদ্ভিদ সাধাৰণতে ৩/৪ হাত ওখ হয়।

প্ৰকাৰঃ- আমাৰ ৰাজ্যৰ খেতিযকে প্ৰধানকৈ চাৰিবিধ ধানৰ খেতি কৰে। যেনে- শালি ধান, আহু ধান, বাও ধান আৰু বৰো ধান 

সাধৰণ বৰ্ণনাঃ- ইয়াৰ কোনো ডাল নাই। গা-গছৰ মাজে মাজে গাঁঠি থাকে। ই ফোপোলা। পাতবোৰ দীঘল। ওজোপা ধানৰ গুৰিৰে বহুতো ধান গছৰ গজালিক ওলায়। মুৰেৰে ধানৰ থোক ওলায়। ধানৰ থোকক সিহ বোলে।

মাটি নিৰ্বাচনঃ- ভিন্ ভিন্ প্ৰকাৰৰ ধানৰ বাবে ভিন্ ভিন্ মাটিৰ অৱশ্যক । সকলো বিধ ধানৰ বাবে পলসুৱা মাটি অতি উত্তম। শালি আৰু আহু ধানৰ বাবে কিছু পানী থাকিব পৰা দ মাটি ভাল। বাম মাটিতো ইয়াৰ খেতি কৰিব পাৰি, কিন্তু পানী থাকিব পৰাকৈ মাটিত আলি দিব লাগে। বাও ধানৰ মাটিৰ বাবে দ মাটি লাগে। বৰো ধানৰ বিলৰ কাষ, পিতনি আদিৰ কাষ হলে বিছি ভাল। পানী দিব পৰা ব্যৱস্থা থকা ঠাইতো বৰো ধানৰ খেতি কৰিব পাৰি।

খেতি কৰা সময়ঃ- প্ৰত্যেক প্ৰকাৰ ধানৰ খেতি ভিন্ ভিন্ সময়ত কৰা হয়। শালি ধান শাওন ভাদ মাহত ৰোৱেআহু ধান ফাগুন-চত মাহত সিঁচে, জেঠ-আহাৰ মাহতো আহু ধানৰ খেতি কৰিব পাৰি। বাও ধান ফাগুন-চত মাহত সিঁচে। বৰো ধান পুহ মাহত ৰোৱে।

ৰোৱা প্ৰণালীঃ- ভিন্ ভিন্ প্ৰকাৰ ধান ভিন্ ভিন্ প্ৰণালীৰে ৰোৱা হয়। শালি ধান জেঠ-আহাৰ মাহত ওখ ঠাইত কঠীয়া পাৰে। সঁচৰ ধান গজালি উলিয়াই মাটি বোকা কৰি ঘন ঘনকৈ সিঁচি দিয়াকে কঠিয়া পৰা বোলে। লগে লগে ৰোৱা তলীত হাল বাই মাটি চাহ কৰি বোকা কৰি থোৱা হয়। মাটি ভালকৈ চাহ কৰি শাওন-বাদ মাহত কঠীয়া তলি নি গোছত ৬/৭ ডালকৈ কঠীয়া দি পাতলকৈ ৰুব লাগেশালি ধানৰ গুৰিত পানী থাকিব পৰা ব্যৱস্থা কৰিব লাগে।

আহু ধানৰ বাবে মাঘ-ফাগুন মাহত মাটি চহাই ধান সিঁচিব লাগে। জেঠ-আহাৰ মাহতো কঠীয়া পাৰি আহু ধান, শালি ধানৰ দৰে ৰুব পাৰি। বৰ্ত্তমান আহু ধান জাতীয় টাইচুং জয়া, আই আৰ্/৮, আদি নানা ৰকমৰ ধান খেতি কৰা পদ্ধতি ওলাইছে। জাপানী পদ্ধতি বুলি আন এবিধ ধানৰ খেতিও কৰা হয়। এইবূোৰ কঠীয়া পাৰি শালি ধানৰ দৰে ৰুব লাগে।

বৰো ধানৰ খেতি মাঘ মাহত শালি ধানৰ দৰে ৰুব লাগে বাওধান, আহুধান সিঁচাৰ সময়তে ফাগুন-চত মাহত সিঁচিব লাগে।

যত্ন লব লগাঃ- ধানৰ শত্ৰু বহুতো। ফৰিং, গান্ধী আদিয়েই ধানৰ প্ৰধান শ্ত্ৰু। ধানৰ যাতে কোনো অনিষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আৱশ্যক মতে কৃষি বিষয়াৰ সহায় লৈ ৰাসায়নিক ঔষধ খেতি পথাৰত ছটিয়াই দিব লাগে।

ধান চপোৱাৰ সময়ঃ- শালি ধান আৰু বাও ধান আঘোন-পুহ মাহত পকে। আহু ধান আহাৰ-শাওন মাহত আৰু বৰো ধান চত-বহাগ মাহত পকে। ধান পকিলে কাটি মুঠি মুঠিকৈ বান্ধি থব লাগে। পিছত আটি বা ডাঙৰি বান্ধি ঘৰলৈ অনা হয়। চোতালত গছি ধানবোৰ মেলি দি গৰু বা ঠেসাৰ মেসিনেৰে মৰুৱাব লাগে। ইয়াক মৰণা মৰা বোলে। ধান মাৰিলে খেৰবোৰ আঁতৰাই গুটি ধানবোৰ ভঁৰালত থব লাগে।

উপকাৰিতাঃ- ভাত আমাৰ প্ৰদান খাদ্য়। চাউল সিজালে ভাত হয়। ধান উৰাল, ঢেকি বা কলত বানি ধানৰ বাকলি গুচাই চাউল উলিওৱা হয়। ধানৰ বাকলিক তুহঁ বোলে। চাউলৰ পৰা ভাত, পিঠা, মুড়ী, খৈ, চিৰা আদি নানা ধৰণৰ খাদ্য় বস্তু তৈয়াৰ কৰা হয়। খেৰ, তুহঁ, মল, খুদ ইত্যাদি গৰু মহৰ খাদ্য। ধান, চাউল বিক্ৰী কৰি ধন উপাৰ্জন কৰিব পাৰি। কোনো কোনোৱে ধান খেৰেৰে ঘৰ চিলাইও কৰে। এতেকে ধান আমাৰ জীৱন ধাৰণত অতি আৱশ্যকীয়।।

Essay on Paddy Cultivation in Assamese || Dhan Kheti Rachana || ধান খেতি ৰচনা

No comments:

Post a Comment

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad