Essay on Horse in Assamese || Ghora Rachana || ঘোঁৰা ৰচনা - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Thursday, June 25, 2020

Essay on Horse in Assamese || Ghora Rachana || ঘোঁৰা ৰচনা

জাতিঃ- ঘোঁৰা চাৰিঠেঙীয়া পোহনীয়া জন্তু। ই তৃণভোজী জন্তু। পৃথিৱীৰ প্ৰায়বোৰ দেশতে ঘোঁৰা পোৱা যায়।

আকৃতিঃ- ঘোঁৰা বলী জন্তু। ই ৩/৪ হাত ওখ আৰু ৫/৬ হাত মান দীঘল হয়। ইয়াৰ মুখখন দীঘল। কাণ দুটা আৰু চকু দুটা আছে। ঘোঁৰাৰ নেজত একোচা দীঘল চুলি আছে। ঘোঁৰাৰ নেজত একোটা দীঘল চুলি আছে। ঘোঁৰাৰ দাঁত দুপাৰী। ইয়াৰ ভৰিৰ খুৰাবোৰ ফটা নহয়, গোটা।

প্ৰকৃতি আৰু খাদ্যঃ- গোঁৰা বৰ শান্ত প্ৰাণী। ই সহজে পোহ মানে আৰু গৰাকীৰ কথা মানি চলে। বহুতো বোজালৈ বহুদৰ বাট আনায়াসে যাব পাৰে। মাইকী ঘোঁৰাই এটাকৈ পোৱালি জগায়। গোঁৰাই ঘাঁহ, মাহ, ভুচি, দানা আদি খাই জীয়াই থাকে।

বৰণঃ- কলা, বগা, মুগা, পখৰা, ৰঙা আদি নানা বৰণৰ ঘোঁৰা আছে।

উপকাৰিতাঃ- ঘোঁৰা মানুহৰ বহুত কামত প্ৰয়োজন হয়। ঘোঁৰাৰে ইঠাইৰ পৰা সিঠাইলে যাব পাৰি, বোজা কঢ়িয়াব পাৰি আৰু গাড়ী টনাব পাৰি। ঘোঁৰাৰে মানুহে চিকাৰ কৰে, যুদ্ধ কৰে আৰু শিকালে ইয়াৰ দ্বাৰা চাৰ্কাচতো খেল দেখুওৱাব পাৰি। ইয়াৰ নেজৰ পৰা ব্ৰাচ আৰু হাড়ৰ পৰা বুটাম তৈয়াৰ হয়।

Essay on Horse in Assamese || Ghora Rachana || ঘোঁৰা ৰচনা

No comments:

Post a Comment

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad