Essay on Tarun Ram Phukan in Assamese || Tarun Ram Phukan Essay in Assamese || দেশভক্ত তৰুণ ৰাম ফুকন ৰচনা - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Thursday, May 27, 2021

Essay on Tarun Ram Phukan in Assamese || Tarun Ram Phukan Essay in Assamese || দেশভক্ত তৰুণ ৰাম ফুকন ৰচনা

তৰুণ ৰাম ফুকনৰ জন্ম হয় গুৱাহাটীৰ ভৰলুমূখত। ১৮৭৭ চনত বলোৰাম ফুকনৰ ঘৰত তৰুণ ৰাম ফুকনৰ জন্ম হয়। মাকৰ নাম ভাগিৰথী দেৱা। ফুকন দেউতাৰকৰ বৰ আদৰৰ লৰা আছিল।

 

পোন্ধৰ বছৰ বয়সত গুৱাহাটী কটন কলেজিয়েট হাইস্কুলৰ পৰা তেওঁ এণ্ট্ৰেঞ্চ পৰীক্ষা পাচ কৰে আৰু বৃত্তি পায়। প্ৰৱেশিকা পৰীক্ষা পাচ কৰি কলিকতালৈ যায় আৰু তাৰ প্ৰচেডেন্সী কলেজত পঢ়ে। তাৰ পিছত তেওঁ বিলাতলৈ গৈ আইন পঢ়ে আৰু এজন বেৰিষ্টাৰ হৈ উভতি আহে। প্ৰথমে তেওঁ কলিকতা উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে।

 

তেওঁ চৰকাৰী পদ পাইছিল, কিন্তু তেওঁ সেই পদ গ্ৰহণ নকৰিলে। তেওঁ অসমীয়া ভাষাৰ উন্নতি সাধন কৰাটো এটা কৰ্তব্য বুলি ভাবিছিলসেই কাৰণে তেওঁ সেই সময়ৰ অসমীয়া আলোচনী কাকত জোনাকী’ ‘বিজুলীত নিয়মীয়াকৈ প্ৰবন্ধ আদি লিখিছিল। তেওঁ অসমীয়া ভাষাৰ উপৰিও বঙলা, উৰ্দু, ইংৰাজী আৰু সংস্কৃত ভাষা ভালকৈ জানিছিল।

 

মহাত্মা গান্ধীয়ে ভাৰত স্বাধীন কৰিবলৈ কৰা আন্দোলনত ফুকনদেৱে অসমৰ গুৰিবঠা ধৰিছিল। দেশৰ কাৰণে তেওঁ দেহে-কেহে খাটিছিল। বিলাতী বস্তু বৰ্জ্জন ধৰিছিল। তেওঁৰ যত্নতেই ১৯২৬ চনত পাণ্ডুত জাতীয় কংগ্ৰেছ মহাসভাৰ অধিবেশন সুকলমে সমাধা হয়। সেই সময়ত ফুকনদেৱে ভাৰতৰ এজন আগশীৰীৰ নেতা আছিল। তেতিয়া অসম ফুকনৰ দেশ বুলিহে ভাৰতত জনাজাত আছিল। অসমীয়া মানুহে তেওঁক দেশভক্ত উপাধি দি প্ৰকৃত দেশ সেৱকৰ মৰ্য্যাদা দিছিল।

 

ফুকনদেৱে দেখিবলৈ অতি শুৱনি আছিল। চিকাৰ কৰা আৰু বৰশী বোৱা তেওঁৰ প্ৰিয় কাম আছিল। তেওঁ এজন সুবক্তা আছিল। তেওঁৰ বক্তৃতাত মানুহ মুগ্ধ হৈছিল। তেওঁ সৰুৰে পৰা লাহ-বিলাহত কাল কটাইছিল। কিন্তু এলেহুৱা নাছিল। তেওঁ পিন্ধন-উৰণত বৰ চৌখিন আছিল। সকলো কাম পৰিপাটীকৈ কৰিছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈ ফুকনদেৱৰ ৰাজনৈতিক শিষ্য আছিল। ১৯৩৯ চনৰ ২৮ জুলাই তাৰিখে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁ ইহলোক পৰিত্যাগ কৰে।


# Essay on Tarun Ram Phukan in Assamese || Tarun Ram Phukan Essay in Assamese || দেশভক্ত তৰুণ ৰাম ফুকন ৰচনা

No comments:

Post a Comment

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad