Essay on Eid in Assamese || Eid ul-Fitr Rachana || ঈদ-উল-ফিতৰ ৰচনা - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Monday, May 24, 2021

Essay on Eid in Assamese || Eid ul-Fitr Rachana || ঈদ-উল-ফিতৰ ৰচনা

ঈদ-উল্-ফিতৰ আমাৰ(মুছলমান) সকলোৰ এক পবিত্ৰ উৎসৱ। মুছলমানী মাহ মতে ৰমজান মাহ শেষ হোৱাৰ পিছত শওৱাল মাহৰ এক-দুই তাৰিখে এই উৎসৱ পালন কৰা হয়।


ৰমজান মাহ মুছলমান সকলৰ বাবে বৰ পবিত্ৰ মাহ। এই মাহৰ আৰম্ভনিৰ পৰা শেষলৈকে গোটেই মাহ তেওঁলোকে ৰোজা ৰাখে। ৰোগী, বিদেশ ভ্ৰমনকাৰী সকলৰ বাহিৰে সকলো মুছলমানেই এই ৰোজা ৰাখে। গোটেই দিনটো তেওঁলোকে এটুপিও নাখায়, উপবাসে থাকি ব্ৰত পালন কৰে। তেওঁলোকৰ পবিত্ৰ ধৰ্ম্ম পুথি কোৰাণ শ্বৰীফ পঢ়ে আৰু আল্লাহ তালাৰ নামাজ পঢ়ে। সূৰ্য্য অস্ত যোৱাৰ পিছত পানী, ফল-মুল আদি খাই ব্ৰত ভঙ্গ কৰে। ৰাতি দুসাজ মাত্ৰ ভাত খায়। এনেদৰে ব্ৰত উপবাসে থাকি ৰমজান মাহ শেষ কৰেৰমজান মাহ শেষ হোৱাৰ লগে লগে অমাবস্যাৰ পিছত শুক্লপক্ষৰ আকাশত চান্দ চাই আল্লাৰ উদ্দেশ্য তচলিম কৰি সম্পূৰ্ণ ব্ৰত ভঙ্গ কৰে।

 

পিছদিনা সামুহিক ভাবে, মছজিদ বা ঈদ গাহত ঈদৰ নামাজৰ আয়োজন কৰে। এই নামাজ পতাৰ আগে আগে প্ৰত্যেক মুছলমানে জনমুৰি এটি দান দিব লাগে। এই দানক ফিতৰা বোলে। ফিতৰা দিয়াটো মুছলমান সকলৰ এটা প্ৰধান কৰ্ত্তব্য। এই ফিতৰাৰ পৰা পোৱা ধন-ধুখীয়া, মগনীয়া, ৰূগীয়া আদি সামৰ্থহীন লোকক দান দিয়া হয়।

 

ঈদগাহ ময়দানত বা মছজিদত কি লৰা, ডেকা, বুঢ়া পসকলোৱে নতুন কাপোৰ পিন্ধি সমবেত হয় আৰু নামাজ পঢ়ে, কোৰাণ শ্বৰীফ পঢ়ে, আল্লাহৰ কৰুণা ভিক্ষা কৰে। ইজনে সিজনক আলিঙ্গন কৰি প্ৰীতি সম্ভাষণ জনায়। সৰুৱে ডাঙৰক তচলিম কৰে। ডাঙৰে সৰুক আশীৰ্ব্বাদ কৰে।


Essay on Eid in Assamese || Eid ul-Fitr Rachana || ঈদ-উল-ফিতৰ ৰচনা

No comments:

Post a Comment

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad