Essay on Saraswati Puja in Assamese || সৰস্বতী পূজা ৰচনা - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Saturday, May 22, 2021

Essay on Saraswati Puja in Assamese || সৰস্বতী পূজা ৰচনা

শ্ৰী শ্ৰী সৰস্বতী দেৱী বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী । এই পূজা মাঘ মাহৰ শুক্না পঞ্জমী তিথিত কৰে। বিদ্যাৰ্থী সকলৰ বাবে এই পূজা এতি প্ৰয়োজন। এই উতসৱ পালন কৰাৰ উদ্দশ্যে বিদ্যালয়ৰ সমূহৰ ছাত্ৰ-ছাত্ৰীৰ পৰা শ্ৰেণী অনুসৰি চাঁদা তোলা হয়। সেই ধন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ হাতত জমা ৰাখে। পূজাৰ আগ দিনা আমি সকলোৱে মিলি দেৱি, পূজা ঘৰ আদি তৈয়াৰ কৰো। পূজা আৰু ভোজনৰ বাবে আৱশ্যকীয় বস্তুৰ বজাৰ আৰু যা-যোগাৰ কৰো। সন্ধ্যা সময়ত শঙ্খ –ঘণ্টা আদি বজাই প্ৰতিমা আনি বিদ্যালয়ত ৰাখো।

 

পূজাৰ দিনা ৰাতি পুৱা গা-পা ধুই কাপোৰ পিন্ধো। ফুল, তুলসী পূজাৰ আৱশ্যকীয় সামগ্ৰী যতনাই থওঁ। আমি দেৱাৰ সন্মুখত বহি দেবী বন্দনা, স্তোত্ৰ আদি গাওঁ। পুৰোহিত দেউৱে মন্ত্ৰ মাতে, আমি দেৱীৰ শ্ৰীচৰণত পূষ্পাঞ্জলি দিওঁ, প্ৰাৰ্থনা কৰো। দেৱীক সেৱা কৰি আশীৰ্ব্বাদ ভিক্ষা কৰে। পিছত প্ৰসাদ খাই ছাত্ৰ-ছাত্ৰীসকলে ভোজন কৰে।

 

আবেলি নিমন্ত্ৰিত ভদ্ৰলোক সকলক যথাসাধ্য অভ্যৰ্থনা কৰো। সন্ধ্যা হোৱাৰ লগে লগে দেৱীৰ স্তোত্ৰ, বন্দনা আদি কৰি আৰিত কৰা হয়। ৰাতি এখন সাংস্কুতক বিচিত্ৰানুষ্ঠানো পতা হয়। 


পিছদিনা ৰাতিপুৱা দেৱীৰ প্ৰতিমা জলাশয়ত উটুৱাই দি দেৱীক বিসৰ্জন দিয়া হয় আৰু লগে লগে এই উত্সৱৰো সামৰণি পৰে। উত্সৱ পালন কৰোতে আৱশ্যকীয় সকলো কাম বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ তদাৰক আৰু পৰিচালনাত কৰা হয়।


# Essay on Saraswati Puja in Assamese || সৰস্বতী পূজা ৰচনা

No comments:

Post a Comment

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad