Essay on Cotton cultivation in Assamese || Kopaho Kheti || কপাহ খেতি - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Friday, May 21, 2021

Essay on Cotton cultivation in Assamese || Kopaho Kheti || কপাহ খেতি

কপাহ অতি আৱশ্যকীয় উদ্ভিদ । ই কেইবা জাতৰো আছে। ডালৰ আগতে কলি ধৰি পুৰঠ ফাটি কপাহ ওলায়। ই ৪/৫ বছৰলৈ বাচি থাকে।

 

পোৱা ঠাইঃ- পৰ্বতীয়া অঞ্চলত ইয়াৰ খেতি ভাল হয়। গাৰো, নগা, মিকিৰ, লুচাই আদি পাহাৰত কপাহ উত্পন্ন হয়। দক্ষিণাত্যৰ পৰ্বততো ইয়াৰ খেতি হয়।

 

ৰোৱা প্ৰণালীঃ-লা মাটিত ইয়াৰ খেতি বেছিকৈ হয়। ফাগুণ চত মাহত মাটিডৰা হল বাই মৈ দি ভালকৈ চহ কৰি লব লাগে। ৩/৪ হাত আঁতৰে আঁতৰে গুটি দিব লাগে। আন ঠাইত গুটি পচাই পুলি তুলি নি ৰুব পাৰি। গছবোৰ ওখ হলে বাঁহৰ টাৰ বান্ধি দিলে বতাহে অনিষ্ট কৰিব নোৱাৰে।

 

চপোৱাৰ নিয়মঃ- আঘোন-পুহ মাহত কপাহৰ কলিবোৰ ফোটে। কলি ফটা কপাহবোৰ তুলি আনি ৰদত শুকাই যতনাই থব লাগে। হালি পৰা গছৰ ডালবোৰ কাটি পুৰণা গছৰ পৰাও কপাহ উৎপন্ন হয়

 

উপকাৰিতাঃ- শুকান কপাহ নেওঠনিত নেওঠি গুটি এৰোৱা হয়। ধুন বা ধুনকীৰে কপাহ ধুনি পুনি পাতত কাঠ এৰোৱা পাড়ি বটে। টাকুৰী, যঁতৰ আদিৰে পাঁজিবোৰ কাটি সূতা উলিয়াই সূতাৰে কাপোৰ তৈয়াৰ কৰে। কপাহী কাপোৰ বৰ পবিত্ৰ। ব্ৰাহ্মণ সকলৰ যজ্ঞোপবিত নডাল মিহি কপাহী সূতাৰ তৈয়াৰ কৰে। আমাৰ লাজ নিবাৰণৰ একমাত্ৰ সম্বল কাপোৰ। এই কাপোৰ কপাহৰ পৰা তৈয়াৰ কৰা হয়। তুলি নিহালি গাৰু আদিও কপাহৰ তৈয়াৰী।


# Essay on Cotton cultivation in Assamese || Kopaho Kheti || কপাহ খেতি

No comments:

Post a Comment

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad