Essay on Gopinath Bordoloi in Assamese || Gopinath Bordoloi Essay in Assamese || গোপীনাথ বৰদলৈ ৰচনা - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Saturday, May 29, 2021

Essay on Gopinath Bordoloi in Assamese || Gopinath Bordoloi Essay in Assamese || গোপীনাথ বৰদলৈ ৰচনা

লোকপ্ৰিয় গোপীনাথ বৰদলৈ ১৮৯০ চনৰ ৬ জুন তাৰিখে নগাওঁৰ ৰহাত জন্ম গ্ৰহণ কৰে। পিতা বুদ্ধেশ্বৰ বৰদলৈ এজন ডাক্টৰ আছিল। মাকৰ নাম আছিল প্ৰাণেশ্বৰী দেৱী

 

গোপীনাথ বৰদলৈ য়ে সৰুতে শ্তিৰ বুদ্ধিৰ আৰু পঢ়া-শুনা মজলীয়া ধৰণৰ আছিল। ১৯০৮ চনত গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা পাচ কৰে। মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হৈ কলিকতালৈ যায়, তাত স্কটিছ চাৰ্চ কলেজৰ পৰা বি, এ আৰু কলিকত বিশ্ববিদ্যালয়ৰ পৰা এম, এ আৰু আইন পাচ কৰে।

 

গোপীনাথ বৰদলৈ য়ে গুৱাহাটীলৈ আহি প্ৰথমে ওকালতি কৰিছিল। পিছত ১৯২১ চনত মহাত্মা গান্ধীয়ে চলোৱা অসহযোগ আন্দোলনত যোগ দিয়ে। তেতিয়াৰ পৰাই গোপীনাথ বৰদলৈ কাম কৰিবলৈ লয়। তেওঁ বাপুজীৰ ৰাজনৈতিক শিষ্য আছিল। বাপুজীৰ আদৰ্শত দেশৰ কাম কৰাৰ বাবে তেখেতে কেবাবাৰে ফাটেক খাটিছিল। ১৯৪২ চনত গুৱাহীটা লোকেল বোৰ্ডৰ আুৰ ১৯৩৪ চনত গুৱাহাটী মিউনিচিপালিটিৰ চেয়াৰম্যেন (সভাপতি) হৈছিল। ১৯৪৭ চনত ভাৰতে স্বাধীনতা পোৱাৰ পিছত লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমৰ মূখ্যমন্ত্ৰী হৈছিল। ইয়াৰ আগতে তেওঁ ইংৰাজৰ আমোলতো দুবাৰ অলপ দিনৰ বাবে মুখ্যমন্ত্ৰী হৈছিল।

 

গোপীনাথ বৰদলৈ অসমৰ উন্নতিৰ বাবে দেহে-কেহে খাটিছিল। তেওঁৰ যত্নতেই অসমৰ ভালেখিনি উন্নতি হয়। তেওঁৰ অশেষ যত্ন আৰু পৰিশ্ৰমৰ ফলতেই গুৱাহাটী বিশ্ববিদ্যালয়, অসম হাই-কোৰ্ট (উচ্চ ন্যায়ালয়), মেজিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, কৃষি কলেজ আদি অনুষ্ঠান গঢ়ি উঠে।

 

গোপীনাথ বৰদলৈৰ ব্যৱহাৰ মধুৰ আৰু কৰ্ম শক্তি প্ৰচুৰ আছিল। কৰ্তব্যক তেওঁ কেতিয়াও অৱহেলা কৰা নাছিল। তেওঁক অসমৰ মানুহে বৰ ভাল পাইছিল। তেওঁৰ গুণমুগ্ধ অসমীয়া ৰাইজে তেওঁক লোকপ্ৰিয়  উপাধিত ভূষিত কৰিছিল। ক্ৰিকেট খেলত তেওঁৰ বৰ ৰাপ আছিল। তেওঁ এজন ভাল লিখকো আছিল।

 

অসমৰ এইজন সিংহ পুৰুষ ১৯৫০ চনৰ ৫ আগষ্ট তাৰিখে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুৰ মুখত পৰে। অসমবাসীৰ বাবে যি কাৰ্য্য কৰি থৈ গল, সেই কাৰ্যই তেওঁক স্বৰণীয় আৰু বৰণীয় কৰি ৰাখিব।


# Essay on Gopinath Bordoloi in Assamese || Gopinath Bordoloi Essay in Assamese || গোপীনাথ বৰদলৈ ৰচনা

No comments:

Post a Comment

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad