Essay on Dog in Assamese || Kukur Rachana || কুকুৰ ৰচনা - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Wednesday, June 24, 2020

Essay on Dog in Assamese || Kukur Rachana || কুকুৰ ৰচনা

জাতিঃ- কুকুৰ এবিধ চাৰিঠেঙীয়া পোহনীয় জন্তু। মতাক ঢেকুৰা মাইকীক ঢেকুৰী বোলে। ই দেশী, বিলাতী, ভুটীয়া এলচেচিয়ান আদি অনেক জাতৰৰ কুকুৰ আছে।

আকৃতিঃ- কুকুৰৰ গোটেই গাটো নোমোৰে ঢকা থাকে। কিছুমান কুকুৰ নোম দীঘল আৰু কিছুমানৰ নোম চুটি। ইয়াৰ নেজডাল ওপৰলৈ ঘোঁব খাই থাকে। কাণ দুখন থিয়, কিন্তু কোনো কোনো জাতৰ কুকুৰৰ কাণ তললৈ ওলমি পৰা। ঠেং চাৰিখন লাহী, প্ৰতি ঠেঙত পাঁচটাকৈ নখ আছে। মুখখন জোঙা, ইয়াৰ দাঁত বৰ চোকা।

বৰণঃ- ৰঙা, বগা, কলা, পখৰা আদি নানা বৰণৰ কুকুৰ আছে।

খাদ্যঃ- কুকুৰে মঙহ খাবলৈ ভাল পায়। ই মানুহে খোৱা প্ৰায় সকলো বস্তুকে খায়। জুলিয়া বস্তু জিভাৰে চেলেকী খায়।

প্ৰকৃতিঃ- কুকুৰ বৰ প্ৰভুভক্ত আৰু অলপ খোৱা বস্ততেই সন্তুষ্ট হয়। ইয়াৰ গোন্ধ পোৱা শক্তি বৰ বেছি। ভাগৰ লাগিলে জিভা উলিয়াই দিয়ে আৰু জিভাৰ পৰা পানী পৰে। ই প্ৰায় লৰি লৰি খোজ কাঢ়ে মাইকীয়ে প্ৰতিবাৰত ৪/৫ পোৱালি দিয়ে।

উপকাৰিতাঃ- কুকুৰ গোটেই জীৱনত গিৰিহঁতৰ উপকাৰ কৰে। ই ৰাতি ঘৰত পহৰা দিয়ে। ডাঙৰ বিপদতো গৃহস্তক জগাব পাৰে। আজিকালি কুকুৰে চোৰ, ডকাইত আৰু হত্যাকাৰীক ধৰাত সহায় কৰে। মেৰু অঞ্চলত ইয়াৰে শ্লেজগাড়ী টনায়।

অপকাৰঃ- কুকুৰ সহজে পগলা হয়। পগলা কুকুৰে কামুৰিলে মানুহ, গৰু আদিক প্ৰতিষেধক বেজী দিব লাগে। বেজি নিদিলে জলাতঙ্ক ৰোগ হৈ বলীয়া হয় আৰু শেষত মৰে।

Essay on Dog in Assamese || Kukur Rachana || কুকুৰ ৰচনা

1 comment:

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad