Essay on Kushal Konwar in Assamese || Kushal Kowor Essay in Assamese || শ্বহীদ কুশল কোৱৰ ৰচনা - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Thursday, June 3, 2021

Essay on Kushal Konwar in Assamese || Kushal Kowor Essay in Assamese || শ্বহীদ কুশল কোৱৰ ৰচনা

আমাৰ দেশৰ স্বাধীনতাৰ বাবে কিছুমান মানুহ অকালতে প্ৰাণ হেৰুৱালে। শ্বহীদ কুশল কোঁৱৰ তাৰ ভিতৰত এজন। স্বাধীনতা সংগ্ৰামী বুলি তেওঁৰ নাম অমৰ হৈ থাকিব। গোলাঘাটৰ চাওদাং চাৰিআলি গাওঁত ইং ১৯০৫ চনৰ ২১ মাৰ্চত কুশল কোঁৱৰৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল সোণাৰাম কোঁৱৰ

 

কুশল কোঁৱৰে প্ৰাথমিক পাঠ আৰম্ভ কৰে বালিজান প্ৰাথমিক বিদ্যালয়ত। তাৰ পাছত তেওঁ গোলাঘাটৰ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত ভৰ্ত্তি হয়। সেই সময়ত গান্ধীজীৰ অসহযোগ আন্দোলন চলি থকাত ইং ১৯২১ চনত তেওঁ পঢ়া সামৰণি দি আন্দোলত যোগ দিয়ে।

 

কুশল কোঁৱৰ এজন একনিষ্ঠ সমাজসেৱী আছিল। তেওঁ দেশৰ স্বাধীনতাৰ বাবে দেহে-কেহে খাটিছিল। ইং ১৯৪২ চনৰ গণ আন্দোলনত তেওঁ দৃঢ়ভাবে খাটিছিল। আন্দোলন চলি থাকোঁতে সৰু পথাৰ ৰেল ষ্টেচনৰ ওচৰৰ দলং এখন ভাগি ইংৰাজ চৰকাৰৰ মিলিটাৰী কঢ়িয়াই নিয়া ৰেলগাড়ী এখন লাইনৰ পৰা বাগৰি পৰি বহুত সৈন্য নিহত হয়। কুশল কোঁৱৰে সেই ৰেল দুৰ্ঘটনাৰ কাৰণে দায়ী বুলি ধৰি ইংৰাজ চৰকাৰে অন্যায় বিচাৰ কৰি তেওঁৰ ফাঁচিৰ আদেশ দিয়ে।

 

ইং ১৯৪৩ চনৰ ১৫ জুনৰ দিনা ধলপুৱাতে কুশল কোঁৱৰৰ ফাঁচি হল। অন্যায় অবিচাৰ ইংৰাজ চৰকাৰৰ আন্দোলন দমনৰ নীতি আছিল। কিন্তু আমাৰ দেশৰ মানুহ অন্যায়ৰ বিৰুদ্ধে প্ৰাণ বিসৰ্জন দি স্বহীদ হৈ আমাৰ স্বাধীনতা লাভৰ কাৰণে আগবাঢ়ি যাবলৈ নিশা ৰাখি গৈছে।


# Essay on Kushal Konwar in Assamese || Kushal Kowor Essay in Assamese || শ্বহীদ কুশল কোৱৰ ৰচনা

1 comment:

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad